• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

জুবিনৰ জন্মদিন: পুৰণি জনগোষ্ঠীয় গীতসমূহৰ প্ৰকৃতাৰ্থত সংৰক্ষণ হৈছেনে? বিশেষ লেখা

দুলাল মিশ্ৰ by দুলাল মিশ্ৰ
November 19, 2021 7:09 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জুবিন গাৰ্গে বিভিন্ন সময়ত গোৱা বহু জনগোষ্ঠীয় গীত আজিও সঠিক ৰূপত সংৰক্ষিত হোৱা নাই। শিল্পীগৰাকীয়ে বিভিন্ন সময়ত বড়ো, মিচিং, কাৰ্বি, ৰাভা আদি জনগোষ্ঠীৰ ভাষাত বহু নিটোল গীত সৃষ্টি কৰিছে যদিও সেইবোৰৰ ভিতৰৰে বহু গীতেই আজিও সংৰক্ষণ হোৱা পৰিলক্ষিত হোৱা নাই। কিছু কিছু গীত ইউটিউৱত সংৰক্ষিত হৈছে যদিও বহু গীত হয়তো এতিয়াও গৰিষ্ঠসংখ্যক শ্ৰোতাৰ বাবেই অপৰিচিত হৈ আছে। সেয়ে জুবিনৰ সেই সৃষ্টি সমূহ এদিন কালৰ সোঁতত হেৰাই যোৱাৰ আশংকা কৰা হৈছে।

আজি নৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গৰ জন্মদিন। শিল্পীগৰাকীৰ জন্মদিন উপলক্ষ্যে পুৱতি নিশাৰে পৰা শিল্পীগৰাকীৰ গুৱাহাটীত থকা বাসভৱনত তেওঁৰ বহু শুভাকাংক্ষীয়ে ভিৰ কৰা পৰিলক্ষিত হয়। জুবিন গাৰ্গৰ জন্মদিনটোতে আজি মুকলি কৰা হ’ব শিল্পীগৰাকীৰ এটা নিজা মিউজিক চেনেল।

জন্মদিনৰ সৈতে সংগতি ৰাখি জুবিন গাৰ্গে মাদাৰ অল্ড এজ হোমৰ বহু কেইগৰাকী আবাসীৰ সৈতে সময় কটোৱাৰ লগতে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱা আৰু বহুতকে শীতৰ কাপোৰ আদি প্ৰদান কৰিও মহানুভৱতা প্ৰকাশ কৰে।

Apply Now

কালি মহানগৰীৰ আয়ুৰচুন্দ্ৰা হাস্পতালত জনপ্ৰিয় শিল্পীগৰাকীৰ প্ৰাক জন্মদিনৰ আয়োজন কৰা হৈছিল। জুবিনৰ জন্মদিন উপলক্ষ্যে এক ৰক্তদান শিৱিৰৰো আয়োজন কৰা হৈছে।

নিজৰ জন্মদিনটোতে শিল্পী জুবিন গাৰ্গে আন এক বিশেষ ঘোষণা কৰে। সেইমৰ্মে ২০২২ বৰ্ষত জুবিন গাৰ্গৰ ৰাজনীতি আৰু ড০ বেজবৰুৱা-২ শীৰ্ষক দুখন ছবিয়ে মুক্তি লাভ কৰিব বুলি শিল্পীগৰাকীয়ে প্ৰকাশ কৰিছে।

উল্লেখ্য জুবিন গাৰ্গে বিভিন্ন সময়ত গোৱা বহু জনগোষ্ঠীয় গীত আজিও সঠিক ৰূপত সংৰক্ষিত হোৱা নাই। শিল্পীগৰাকীয়ে বিভিন্ন সময়ত বড়ো, মিচিং, কাৰ্বি, ৰাভা আদি জনগোষ্ঠীৰ ভাষাত বহু নিটোল গীত সৃষ্টি কৰিছে যদিও সেইবোৰৰ ভিতৰৰে বহু গীতেই আজিও সংৰক্ষণ হোৱা পৰিলক্ষিত হোৱা নাই। কিছু কিছু গীত ইউটিউৱত সংৰক্ষিত হৈছে যদিও বহু গীত হয়তো এতিয়াও গৰিষ্ঠসংখ্যক শ্ৰোতাৰ বাবেই অপৰিচিত হৈ আছে। সেয়ে জুবিনৰ সেই সৃষ্টি সমূহ এদিন কালৰ সোঁতত হেৰাই যোৱাৰ আশংকা কৰা হৈছে।

জন্মদিনটোত শুভাকাংক্ষীয়ে মৰম আৰু আশীৰ্বাদেৰে ওপচাই দিছে শিল্পীগৰাকীক। অসমৰ সাংস্কৃতিক জগত খনলৈ জুবিন গাৰ্গৰ অৱদান অপৰিসীম। কিন্তু এতিয়াও যেন আৰু বহু কৰিবলগীয়া আছে।জুবিন গাৰ্গৰ সকলো গীতৰে সঠিক সংৰক্ষণ হৈছেনে?নিঃসন্দেহে হোৱা নাই।

বিশেষকৈ জনগোষ্ঠীয় যিবোৰ গীত জুবিন গাৰ্গে গাইছে সেইবোৰৰ সঠিক সংৰক্ষণ হোৱা নাই বুলিয়েই আমাৰ ধাৰণা। জুবিন গাৰ্গ,প্ৰস্তুতি পৰাশৰ,দ্বীপেন বৰুৱা,তৰালি শৰ্মা, যতীন বৰা,মলয়া গোস্বামী আদিকে ধৰি অসমৰ ১৮ গৰাকী বৰেণ্য শিল্পীৰ শৈশৱৰ মধুৰ স্মৃতিক সামৰি পাণবজাৰৰ আৰজি পাবলিকেছনছে প্ৰকাশ কৰা আৰু কুলেশ তালুকদাৰ তথা আমি সম্পাদনা কৰা ‘মনলৈ উভতি আহে ল’ৰালি’ (নামটো জুবিনৰ পচন্দৰ) গ্ৰন্থ খনৰ বাবে জুবিন গাৰ্গৰ লেখাটো আনিবলৈ আমি আৰু প্ৰকাশক ৰাকেশ গোস্বামীয়ে বহুদিন ষ্টুডিঅ’ত খাপ পিটিবলগীয়া হৈছিল।

গ্ৰন্থ খনত সকলো শিল্পীয়েই তেওঁলোকৰ শৈশৱৰ বৰ্ণিল দিনবোৰৰ কথা নিজে লিখিছিল। জুবিন গাৰ্গৰ লেখাটো পাওঁতে কিছু কষ্ট কৰিবলগীয়া হৈছিল।অৱশেষত যেনিবা গৰিমা গাৰ্গৰ প্ৰচেষ্টাত জুবিনে অতি সুন্দৰ ভাষাৰে লিখা মূল্যৱান লেখাটো আমাৰ হাতত পৰিছিল। সেই সময়তে গৰিমা গাৰ্গেও কৈছিল—জুবিনে গোৱা বহু জনগোষ্ঠীয় গানৰে সংৰক্ষণ হোৱা নাই। জুবিন গাৰ্গে কেতিয়া,কাৰ বাবে কি গীত গাইছে তাৰো কোনো তালিকা নাই।

ফলত শিল্পীগৰাকীৰ বহু সৃষ্টি কালৰ সোঁতত হেৰাই যোৱাৰো আশংকা নথকা নহয়।শিল্পীগৰাকীৰ জন্মদিনটোত আশা কৰিছো সেই সকলো গানৰে সংৰক্ষণ হওঁক। শিল্পী জুবিনৰ বৰ্ণিল জীৱনকলৈ লিখা গ্ৰন্থৰো প্ৰয়োজনীয়তা আছে, যি গ্ৰন্থই নৱপ্ৰজন্মক সদায় উদ্বুদ্ধ কৰি যাব পাৰিব।

জুবিন ফেন ক্লাবেও তেনে পদক্ষেপ গ্ৰহণ কৰিব পাৰে। লগতে যিসকলে জুবিন গাৰ্গক বিভিন্ন ভাষাৰ গীত গোৱাইছিল তেওঁলোকেও তেনে গীত সমূহৰ সংৰক্ষণৰ বাবে আগুৱাই আহিলে শিল্পীগৰাকীৰ চিৰ সেউজ সৃষ্টি সমূহ হেৰাই যোৱাৰ পৰা ৰক্ষা পৰিব বুলি আমাৰ ধাৰণা।

শেষত সংগীতৰ অফুৰন্ত প্ৰতিভা জুবিন গাৰ্গলৈ জনাইছো জন্মদিনৰ অলেখ শুভেচ্ছা।

দুলাল মিশ্ৰ

দুলাল মিশ্ৰ

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm
‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm
চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

July 21, 2026 7:38 pm
উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

July 21, 2026 7:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm
‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd