দিল্লীৰ পৰা আহি আজিয়েই পোনে পোনে ৰাজভৱনলৈ গৈ পদত্যাগ পত্ৰ দিব অগপৰ নেতৃবৰ্গই

President of Asom Gana Parishad

ফাইল ফটো

নাগৰিকত্ব সংশোধনী বিধেয়কখন কেবিনেটত অনুমোদন হোৱাৰ পাছতে পূৰ্বৰ কথা মতেই বিজেপিৰে মিত্ৰতা ভংগ কৰা অসম গণ পৰিষদ দলৰ সভাপতিসহ প্ৰতিনিধি দলটো নতুন দিল্লীৰ পৰা বিমানেৰে ৰাওনা হৈছে গুৱাহাটীলৈ। দলৰ নেতৃবৰ্গ আজিয়েই ৰাজভৱনলৈ গৈ পদত্যাগ পত্ৰ দিয়াৰ কথা।

উল্লেখযোগ্য যে  ৰাজ্যত যোৱা আঢ়ৈ বছৰে বিজেপি নেতৃত্বাধীন চৰকাৰৰ অংশীদাৰ হৈ থকা অগপ দলটোৰ তিনিজন বিধায়ক মন্ত্ৰী হৈ আছিল।  তেওঁলোকৰ ভিতৰত আছিল ক্ৰমে দলটোৰ সভাপতি অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰী।

ইয়াৰ উপৰি বিভিন্ন নিগম-নিকায়সমূহৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈ থকা অগপ নেতাসকলেও দুই এদিনতে অধ্যক্ষ পদ এৰিব বুলি দলটোৰ সভাপতি অতুল বৰাই জানিবলৈ দিয়ে।

মন কৰিবলগীয়া যে অগপই বিজেপিৰে মিত্ৰতা ভংগ কৰাৰ পাছতে এতিয়া একমাত্ৰ বি পি এফ দলটোহে চৰকাৰৰ অংশীদাৰ হৈ ৰ’ল। এতিয়া বিজেপি (৬০) আৰু বি পি এফ(১২) মিলি মুঠ বিধায়কৰ সংখ্যা হ’লগৈ ৭২। যদিহে অগপৰ দৰে বি পি এফেও চৰকাৰৰ পৰা ওলাই আহে তেন্তে চৰকাৰ ভংগ হোৱাটো খাটাং হৈ পৰিব।

উল্লেখ্য যে চৰকাৰৰ পৰা বি পি এফ ওলাই আহিলে অসমৰ ৰাজনীতি এক অন্য দিশলৈ গতি কৰা দেখা যাব। ইতিমধ্যে অগপই চৰকাৰৰ পৰা ওলাই অহা কাৰ্যক বিভিন্ন দল-সংগঠনে সমৰ্থন জনোৱাৰ লগতে কৃষক নেতা অখিল গগৈয়ে অগপৰ দৰে বি পি এফকো চৰকাৰৰ পৰা ওলাই আহিবলৈ আহ্বান জনায়।

ইয়াৰ উপৰি চৰকাৰৰ পৰা ওলাই আহি হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত এখন মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰাৰ বাবেও কৃষক নেতাগৰাকীয়ে আজি মুকলিকৈ বি পি এফৰ প্ৰধান হাগ্ৰামা মহিলাৰীক আহ্বান জনায়।