NORTHEAST NOW (Assamese)

ভাৰত-ভূটান সীমান্তৰ নাগ্ৰীজুলিত দুষ্প্ৰাপ্য কেঁকো সাপ উদ্ধাৰ

September 25, 2020 6:24 pm · দীপক কুমাৰ পাঠক

বক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলত এক দুষ্ট চক্ৰ তথা চোৰাং চিকাৰীৰ তৎপৰতাত দুষ্প্ৰাপ্য কেঁকো সাপৰ গোপন বেহা গঢ়ি উঠিছে।

আজি ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত পৰ্যটনস্থলী বগমাটিত ২৪ নং এছ এছ বি বাহিনীৰ ৰঙিয়া জি কোম্পানীৰ সহকাৰী উপ-পৰিদৰ্শক  মিলন চন্দ্ৰ শীলৰ নেতৃত্বত এছএছ বিৰ এটা দলে এক বিশেষ সূত্ৰৰ পম খেদি

অভিযান চলাই দুডালকৈ কেঁকো সাপ উদ্বাৰ কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য মতে, এছ এছ বিৰ লোকে এক গোপন সূত্ৰৰ পৰা বন্য জন্তুৰ চোৰাং চিকাৰীৰ দ্বাৰা কেঁকো সাপ সৰবৰাহৰ এক তথ্য লাভ কৰিছিল। তথ্য লাভৰ পিছত এছ এছ বিৰ দলটোৱে ভাৰত-ভূটান সীমান্তৰ বগামাটিত উপস্থিত হৈ অনুসন্ধান চলাই থকাৰ সময়তে পাহাৰৰ কাষেদি খোজকাঢ়ি আহি থকা দুজনকৈ লোকক প্ৰত্যক্ষ কৰে।

ইপিনে লোক দুজনেও এছ এছ বিৰ লোকক প্ৰত্যক্ষ কৰি বাঁহৰ চুঙাত ভৰাই লৈ অনা কেঁকো সাপ দুডাল এৰি সেই ঠাইৰ পৰা পলাই পত্ৰং  দিয়ে।

পৰৱৰ্তী সময়ত এছ এছ বিৰ লোকে সেই স্থানত উপস্থিত হৈ কেঁকো সাপ দুডালক উদ্বাৰ কৰে আৰু ঘন জংঘলৰ মাজত অন্তৰ্ধান হোৱা লোক দুজনক বিচাৰি অভিযান চলায় যদিও লোক দুজনক আটক কৰিবলৈ সক্ষম নহল।

পিছত এছ এছ বিৰ দলটোৱে দুষ্প্ৰাপ্য কেঁকো সাপ দুডাল  বাক্সা জিলা বান সংমণ্ডলৰ অধীনৰ কুমাৰীকাটা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত গতাই দিয়ে।

কুমাৰীকাটা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ কৰ্মী বসন্ত বড়ো আৰু কৃষ্ণ কান্ত বড়োই জনোৱা মতে দুয়োডাল কেঁকো সাপক মানাহ উদ্যানত এৰি দিয়া হ’ব।

Related News