NORTHEAST NOW (Assamese)

যিকোনো কোভিড পৰিস্থিতিত অলিম্পিক অনুষ্ঠিত কৰিব বিচাৰে টকিঅ’ অলিম্পিক সভাপতি য়শ্বিৰো মৰিয়ে

February 3, 2021 12:04 pm · এন ই নাও নিউজ

যিকোনো পৰিস্থিতিতে আগন্তুক গ্ৰীষ্মত টকিঅ’ অলিম্পিক অনুষ্ঠিত হ’ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে টকিঅ’ অলিম্পিকৰ সভাপতি য়শ্বিৰো মৰিয়ে।

কোভিড ভাইৰাছক কেন্দ্ৰ কৰি যিকোনো পৰিস্থিতি সৃষ্টি হ’লেও টকিঅ’ অলিম্পিক সমিতিয়ে অলিম্পিক প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ বদ্ধপৰিকৰ হিচাপে উল্লেখ কৰে।

উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বজুৰি আৰম্ভ হোৱা কোভিডৰ সংক্ৰমণৰ বাবে ২০২০ চনৰ টকিঅ’ অলিম্পিক ২০২১ চনলৈ পিছুৱাই দিয়া হৈছিল।

টকিঅ’ অলিম্পিকৰ সভাপতি মৰিয়ে এতিয়া অলিম্পিক আয়োজন কৰিম নে নকৰিব তাৰ উৰ্দ্ধত চিন্তা কৰাৰ সময় আহি পৰিছে বুলি সদৰী কৰে।

জাপানৰ প্ৰধান মন্ত্ৰীয়ো জাপানে অলিম্পিক সফলভাৱে অনুষ্ঠিত কৰাটো বিচাৰিছে।

জাপানৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে সফলভাৱে টকিঅ’ অলিম্পিক আয়োজন কৰিব পৰাটো কোভিড মহামাৰীৰ বিৰুদ্ধে মানৱ সভ্যতাৰ এক প্ৰতীকি বিজয় হ’ব বুলিও লগতে কয়।

কোভিড মহামাৰীৰ সংক্ৰমণৰ বাবে এতিয়াও জাপানৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ নিষেধাজ্ঞা অব্যাহত আছে তেনে অৱস্থাত জাপানে সফলভাৱে অলিম্পিক আয়োজন কৰিবলৈ সক্ষম হ’ব নে নহ’ব সেয়া সময়েহে ক’ব।

Related News