বাংলাদেশৰ শীৰ্ষ মানৱাধিকাৰ কৰ্মীক মৃত্যুৰ ভাবুকি

Top Bangladesh human rights campaigners get death threat

চুলতানা কামাল। ছবি সৌজন্য-- frontlinedefenders.org

মৃত্যুৰ ভাবুকি পোৱাৰ পিছত নিৰাপত্তা বিচাৰি আৰক্ষীৰ কাষ চাপিছে বাংলাদেশৰ তিনিগৰাকী নামজ্বলা মৌলবাদবিৰোধী আৰু মানৱাধিকাৰ কৰ্মী।

মৃত্যুৰ ভাবুকি লাভ কৰা প্ৰথমগৰাকী হৈছে বাংলাদেশী অধিবক্তা আৰু মানৱাধিকাৰ কৰ্মী চুলতানা কামাল। তেওঁ আইন অ’ চালিচ কেন্দ্ৰ নামৰ এটা নাগৰিক অধিকাৰ সংস্থাৰ কাৰ্য্যবাহী সঞ্চালক। ২০০৬ চনত তেওঁ সেনা-নিয়ন্ত্ৰিত তত্ত্বাৱধায়ক বাংলাদেশ চৰকাৰৰ উপদেষ্টাৰূপে সেৱা আগবঢ়াইছিল।

মৃত্যুৰ ভাবুকি সন্দৰ্ভত এক অভিযোগ/ সাধাৰণ দায়েৰি (general diary) দাখিল কৰি চুলতানা কামালে শনিবাৰে আৰক্ষী নিৰাপত্তা বিচাৰিছে।

আৰক্ষী বিষয়াই জনোৱা মতে তেওঁক প্ৰয়োজনীয় নিৰাপত্তা যোগান ধৰা হ’ব।

“মৃত্যুৰ ভাবুকি” পোৱা আন দুজন হৈছে ঢাকা বিশ্ববিদ্যালয়ৰ ইতিহাসৰ অধ্যাপক মুন্তাছিৰ মামুন আৰু এ’কাত্ত’ৰেৰ ঘাতক দালাল নিৰ্মূল সমিতিৰ মুৰব্বী শ্বাহৰিয়াৰ কবিৰ।

চুলতানা কামালক সাধাৰণতে পশ্চিম-অনুকূল/ পন্থী (pro-western) আৰু আৱামি লীগ-বিৰোধী ৰূপে ধৰা হয় আৰু তেওঁ বৰ্তমান চৰকাৰক ইয়াৰ পুতৌজনক মানৱ অধিকাৰ ৰে’কৰ্দৰ বাবে সমালোচনা কৰি আহিছে। কিন্তু ইয়াৰ বিপৰীতে কবিৰ আৰু মামুন শাসক দলৰ সঘন সমালোচক যদিও দলটোৰ ঘনিষ্ঠ বুলিয়ে কোৱা হয়।

বাংলাদেশ মুক্তি সংগ্ৰামৰ সময়ত বীভৎস অত্যাচাৰ চলোৱা পাকিস্তান-পন্থী যুদ্ধ অপৰাধীসকলৰ মৃত্যু দাবীৰে এ’কত্ত’ৰেৰ ঘাতক দালাল নিৰ্মূল কমিতি (Committee for the Elimination of the Killers and Collaborators of 1971)ৰ বেনাৰত কবিৰে এক শক্তিশালী আন্দোলনৰ নেতৃত্ব দিছিল।

মামুনৰ সৈতে কবিৰে গঠন কৰিছে বাঙালী বুদ্ধিজীৱীৰ এক শক্তিশালী গোষ্ঠী যিসকলে ধৰ্মনিৰপেক্ষ মূল্যবোধ আৰু “১৯৭১ৰ প্ৰাণ”টোক তুলি ধৰিছে।

দুয়ো খুব আন্তৰিকভাৱে ভাৰত-পন্থী, তাৰ বিপৰীতে চুলতানা পশ্চিমৰ ঘনিষ্ঠ।

“ল’ন উফ” (Lone Wolf) নামৰ বিদ্ৰোহী গোটটোৱে তিনিওকে হত্যা কৰাৰ সম্ভাব্য পথৰ বিৱৰণ প্ৰকাশ কৰিছে, আৰক্ষী বিষয়াই জনায়।

ধাৰণা কৰা হৈছে ই ইছলামিক স্তে’টৰ ফ্ৰন্ত, যতদূৰ সম্ভৱ বাংলাদেশৰ জামাত উল মুজাহিদীনৰ অৱশিষ্ট সদস্যৰে গঠিত ন-জে’ এ’ম বিৰ এক কৌশল।

মামুনে এন ই নাও-ক জনায় মৃত্যুৰ ভাবুকিৰ বিষয়ে অৱগত হোৱাৰ সময়ত তেওঁ ঢাকাৰ বাহিৰত আছিল আৰু তেৱোঁ দেওবাৰে ঘৰলৈ ওভতাৰ পিছতে নিৰাপত্তা বিচাৰি এক অভিযোগ দাখিল কৰিব।

শ্বাহাৰিৰ কবিৰে জনায়, তেওঁ ইতিমধ্যে তেওঁৰ লগতে কামাল আৰু মামুনৰ নিৰাপত্তা বিচাৰি বাংলাদেশ আৰক্ষীৰ মুৰব্বী মহম্মদ জাৱেদ পাটোৱাৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে।

বিদ্ৰোহী গোটটোৱে প্ৰকাশ কৰা “মৃত্যুৰ ভাবুকি” চ’চিয়েল মিডিয়াত ইতিমধ্যে বহুলভাৱে প্ৰচাৰিত হৈছে, কবিৰে জনায়।

“ই এক বিপদসংকেত। চৰকাৰৰ আচলতেই চ’চিয়েল মিডিয়াৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাই,” তেওঁ সাংবাদিকসকলক কয়।