NORTHEAST NOW (Assamese)

চি আৰ পি এফৰ সৈতে সংঘৰ্ষত শীৰ্ষ নক্সালবাদী নেতাৰ মৃত্যু

December 22, 2020 4:39 pm · এন ই নাও নিউজ

চি আৰ পি এফৰ সৈতে যোৱা সংঘৰ্ষত ঝাৰখণ্ডত সোমবাৰে এগৰাকী শীৰ্ষ পৰ্যায়ৰ নক্সালবাদীৰ মৃত্যু হয়।

ঝাৰখণ্ডৰ খুন্তি জিলাত সোমবাৰে চি আৰ এফৰ টহলদাৰী দলৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত গিদান গুদিয়াৰ মৃত্যু হয়।

গিদান গুদিয়া নিষিদ্ধ নক্সালবাদী সংগঠন পিপল’ছ লিবাৰেশ্যন ফ্ৰণ্ট অফ ইণ্ডিয়া(পিএলএফআই)ৰ নেতা আছিল।

‘‘আমাৰ জোৱান সকলক উদ্দেশ্য কৰি আক্ৰমণ সংঘটিত কৰা হৈছিল আৰু আত্মৰক্ষাৰ বাবে আমাৰ জোৱান সকলে প্ৰত্যুত্তৰ দিয়ে আৰু প্ৰত্যুত্তৰত শীৰ্ষ নক্সালবাদী নেতাজনৰ মৃত্যু হয়,’’ আৰক্ষীয়ে উল্লেখ কৰে।

আনহাতে, চি আৰ পি এফৰ সৈতে হোৱা সংঘৰ্ষৰ সময়ত আন এগৰাকী পি এল এফ আই নেতা দিনেশ গোপে পলায়ন কৰিবলৈ সক্ষম হয়।

পলায়ন কৰা গোপেৰ সন্ধানত বৰ্তমানো চি আৰ পি এফৰ দলে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Related News