উৎসৱৰ বতৰত দেশী-বিদেশী ব্যৱসায়ীৰে ভৰি পৰিছে এছিয়াৰ সৰ্ববৃহৎ দৰংগিৰি কলৰ বজাৰ

ফটো: নৰ্থইষ্ট নাও।

পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ এটা দিন ৷ আহি আছে ষট পুজাও ৷  দীপাৱলী আৰু ষট পুজাৰ আগমুহূৰ্তত অসম আৰু মেঘালয়ৰ কলেৰে ভৰি পৰিছে গোৱালপাৰাৰ এছিয়াৰ সৰ্ববৃহৎ দৰংগিৰি কলৰ বজাৰ৷ দীপাৱলী আৰু ষট পুজাৰ আগ মুহূৰ্তত এইবাৰো কলৰ বজাৰখনত যেন মেলা সদৃশ পৰিৱেশ।

এইবেলিও বিভিন্ন প্ৰকাৰৰ কলেৰে পৰিপূৰ্ণ হৈ পৰিছে এছিয়া সৰ্ববৃহৎ দৰংগিৰি কলৰ বজাৰ ৷ কি চেনিচম্পা, কি মালভোগ অথবা কি চাহেব সকলো প্ৰকাৰৰ কল  উভৈনদী হৈ পৰিছে দৰংগিৰি বজাৰত ৷

ফটো: নৰ্থইষ্ট নাও।

বজাৰখনৰ পৰা অসমৰ কল এতিয়া ট্ৰাকে ট্ৰাকে ৰপ্তানি হৈছে বহি:ৰাজ্যৰ লগতে বাহিৰৰ দেশলৈও৷ এইবেলিও দেশী- বিদেশী ব্যৱসায়ীৰে ভৰি পৰিছে দৰংগিৰিৰ কলৰ বজাৰ ৷ চুবুৰীয়া ৰাষ্ট্ৰ নেপাল, ভূটানকে ধৰি বহি:ৰাজ্যৰ বিহাৰ, পশ্চিমবঙ্গ, ঝাৰখাণ্ড, উৰিষ্যা আদি কেবাখনো ৰাজ্যলৈ ৰপ্তানি হৈছে ক’ল ৷ ব্যৱসায়ীসকলক বিনামূলীয়াকৈ থকাৰো সু-ব্যৱস্থা কৰি দিছে দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিয়ে ৷

ফটো: নৰ্থইষ্ট নাও।

প্ৰতিবছৰে দীপাৱলী আৰু ষট পুজাৰ প্ৰাকক্ষণত কলেৰে ভৰি পৰে বজাৰ খন ৷ গোৱালপাৰাৰ লগতে নিকতৱৰ্তী কামৰূপ জিলা আৰু চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰাও বজাৰখনলৈ আহে ট্ৰাকে ট্ৰাকে কল ৷

ফটো: নৰ্থইষ্ট নাও।

অৱশ্যে অন্য বছৰৰ তুলনাত এইবাৰ ক’লৰ মূল্য হ্ৰাস পাইছে বজাৰখনত ৷ কাৰণ অধিক উৎপাদনৰ বিপৰীতে এইবেলি ব্যৱসায়ীৰ সংখ্যা কম হেতুকে পূৰ্বৰ তুলনাত ক’লৰ মূল্য হ্ৰাস পোৱা বুলি জনাইছে পৰিচালনা সমিতিয়ে ৷