NORTHEAST NOW (Assamese)

ভয়াবহ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে তিনিগৰাকী মহিলাৰ

June 7, 2019 10:31 am · এন ই নাও নিউজ
Updated: June 7, 2019 2:22 pm
দুৰ্ঘটনাত পতিত হোৱা বেলেন' বাহনখন

ডিব্ৰুগড় জিলাৰ জকাইৰ সাৰগ পথাৰত আজি সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰাক আৰু বেলেন’ গাড়ীৰ মুখামুখি সংঘৰ্ষত তিনিগৰাকী মহিলাই থিতাতে মৃত্যুক আকোৱালি লোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে এক শোকাকূল পৰিবেশৰ সৃষ্টি কৰিছে।

ৰাতিপুৱাই সংঘটিত হোৱা এই দুৰ্ঘটনাটোত আন চাৰি গৰাকী লোকো আহত হৈছে। গুৰুতৰভাৱে আঘাত প্ৰাপ্ত লোক কেইজনক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও স্থানীয় লোকে জনোৱা অনুসৰি তীব্ৰ বেগত অহা এ এছ ০৬ ৮৭৪৫ নম্বৰৰ ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই এ এছ ০৬ ৱাই ৩৩৩৪ নম্বৰৰ বেলেন’ গাড়ীখনত খুন্দিয়াই। যাৰ ফলত বেলেন’ গাড়ীত থকা মহিলা তিনি গৰাকীৰ ঘটনাস্থলতে মৃত্যু ঘটে।

ডিব্ৰুগড় জকাই সংৰক্ষিত বনাঞ্চলৰ সমীপত নৱনিৰ্মিত ৫২নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই শোকাৱহ পথ দুৰ্ঘটনাটোত মৃত্যুবৰণ কৰা মহিলা তিনি গৰাকীৰ পৰিচয় জানিব পৰা গৈছে। ইয়াৰে এগৰাকী সোমেশ্বৰী সোণোৱাল, নীৰদা সোণোৱাল আৰু এগৰাকী মামণি সোণোৱাল।

Related News