• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২২ জুনত প্ৰকাশ পাব এন আৰ চিৰ অতিৰিক্ত খচৰা : বহু লোকৰ নাম বাদ পৰাৰ আশংকা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 7, 2019 11:20 am

2 min read

712389-711302-assam-nrc-centre

এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া। ফাইল ফটো

938
VIEWS
Share on FacebookShare on Twitter

চলিত মাহত প্ৰকাশ পাবলগীয়া এন আৰচিৰ অতিৰিক্ত খচৰাত বহু লোকৰ নাম বাদ পৰাৰ আশংকা কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি পূৰ্বতে ১৫ জুনত এই অতিৰিক্ত খচৰা প্ৰকাশ পাবলগীয়া আছিল যদিও এই সময়সীমা ২২ জুনলৈ বৃদ্ধি কৰা হৈছে।

প্ৰকাশ পাবলগীয়া এন আৰ চিৰ এই অতিৰিক্ত খচৰাই ইতিমধ্যে এন আৰ চিত নাম সোমোৱা লোকৰ মনতো আশংকাৰ সৃষ্টি কৰিছে। খচৰাত নাম অন্তৰ্ভুক্ত হোৱা সকলৰ ভিতৰত কিছু লোকৰ নাম অতিৰিক্ত খচৰাত বাদ পৰিব বুলি জানিব পৰা গৈছে।

এন আৰ চিত মুঠ ৩.২৯ কোটি আৱেদনকাৰীৰ ভিতৰত ২.৮৯ কোটি লোকৰ নাম এন আৰ চিৰ খচৰত অন্তৰ্ভুক্ত হৈছিল যদিও তেওঁলোকৰ সকলোৰে নাম অতিৰিক্ত খচৰাত দেখা নাযাবও পাৰে। কিয়নো খচৰা প্ৰকাশৰ পাছতে বহু সন্দেহযুক্ত লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ তথ্য প্ৰকাশ পাইছিল।

মৰিগাঁৱতে প্ৰায় দুশ সন্দেহযুক্ত লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱাৰ তথ্য প্ৰকাশ কৰিছিল জিলাৰ উপায়ুক্তই। তদুপৰি, বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ৰায় দিয়া আৰু ভোটাৰ তালিকাত ডি-ভোটাৰ হৈ থকা বহু লোকৰ নাম এন আৰ চিৰ খচৰাত অন্তৰ্ভুক্ত হৈ থকাৰ সন্দেহ কৰা হৈছিল।

এন আৰ চি কৰ্তৃপক্ষই এই বিষয়ে পুনৰীক্ষণ কৰাৰ পাছত আৰু এখন অতিৰিক্ত খচৰা প্ৰকাশ বাবে উচ্চতম ন্যায়ালয়ত আৱেদন জনাইছিল। আদালতে অতিৰিক্ত খচৰা প্ৰকাশৰ অনুমতি দি  প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছিল আৰু সেয়া ২২ জুনত প্ৰকাশ পোৱাটো নিশ্চিত কৰা হৈছে।

এতিয়া অতিৰিক্ত খচৰাত পূৰ্বে খচৰাত অন্তৰ্ভুক্ত লোকৰ নামো বাদ পৰাটো খাটাং হৈ পৰিছে। চূড়ান্ত খচৰাত প্ৰয় ৪০ লাখ লোকৰ নাম বাদ পৰাৰ পাছত এইবাৰ অতিৰিক্ত খচৰাতো আৰু কিছু লোকৰ নাম বাদ পৰিব।

তথাপি, দাবী-আপত্তি নিষ্পত্তি সম্পন্ন হোৱাৰ পাছত অহা ৩১ জুলাইত প্ৰকাশ পাবলগীয়া চূড়ান্ত এন আৰ চিতহে অসমত বসবাস কৰি থকা সন্দেহযুক্ত লোকৰ প্ৰকৃত সংখ্যা জানিব পৰা যাব।

Recent News

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd