NORTHEAST NOW (Assamese)

ওদালগুৰিত শোকাৱহ পথ দুৰ্ঘটনাত এগৰাকী যুৱকৰ কৰুণ মৃত্যু, দুগৰাকী আহত

August 18, 2020 5:34 pm · এন ই নাও নিউজ

ওদালগুৰি জিলাৰ পানেৰীৰ খৃষ্টানপাৰাত সোমবাৰে সন্ধিয়া সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত এজন যুৱকে কৰুণ মৃত্যুক আঁকোৱালি লয়।

পথ দুৰ্ঘটনাটোত এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে আন দুজন লোক আঘাতপ্ৰাপ্ত হয়।

জনিব পৰা মতে, হাজোৰ পৰা অহা এখন চাৰিচকীয়া বাহনে ওদালগুৰিৰ পানেৰীৰ খৃষ্টানবষ্টিত বিপৰীতে দিশৰ পৰা অহা এখন মটৰ চাইকেল আৰু এখন স্কুটিত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।

এই পথ দুৰ্ঘটনাটোত মটৰ চাইকেলত অহা হেমন্ত হাজৰিকা নামৰ লোক জনৰ থিতাতে মৃত্যু ঘটে।

আনহাতে, স্কুটিত অহা এজন যুৱক আৰু এগৰাকী যুৱতীও পথ দুৰ্ঘটনাটোৰ সময়ত আঘাতপ্ৰাপ্ত হয়।

ঘটনাস্থলীত উপস্থিত থকা স্থানীয় লোকে যুৱক আৰু যুৱতী গৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন কেইখন জব্দ কৰে।

দুৰ্ঘটনা সংঘটিত হোৱা চাৰিচকীয়া বাহনখনৰ পঞ্জীয়ন নম্বৰ হৈছে এ এছ ০১ এ জি ৬৫৩১ আৰু দুচকীয়া বাহন দুখনৰ পঞ্জীয়ন নম্বৰ হৈছে ক্ৰমে এ এছ ১৩ জি ৪৫৭৫ আৰু এ এছ ১৩ জে ৬৫৪৯।

 

Related News