আজি পুৱা লেপেটকাটাৰ চেচা মৈদামৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত তিনি জন লোকে প্ৰাণ হেৰুৱায়।
জানিব পৰা মতে, দুজন লোক থিতাতে মৃত্যু হোৱাৰ বিপৰীতে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এগৰাকী যুৱতী চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয়।
খবৰ অনুসৰি চেচা মৈদামৰ সমীপত এ এছ ০৪এছ ৫৩৫৫ নম্বৰৰ পঞ্জীয়ন নম্বৰৰ এখন বিলাসী বাহনৰ চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ এটা খাৱৈত বাগৰি পৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত গাড়ীখনত দুজন পুৰুষ আৰু এগৰাকী যুৱতী আছিল।
দুৰ্ঘটনাৰ পিছত আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ দুৰ্ঘটনাৰ সঠিক কাৰণ নিৰ্ণয় কৰিবলৈ তদন্ত আৰম্ভ কৰিছে।





