কাছাৰত শোকাৱহ পথ দুৰ্ঘটনা; এগৰাকী ব্যক্তি থিতাতে নিহত, পাঁচগৰাকী আঘাতপ্ৰাপ্ত

Kachar accident

দুৰ্ঘটনাগ্ৰস্ত বাহনখন

কাছাৰ জিলাৰ নিউ বাজাৰ অঞ্চলত সোমবাৰে নিশা সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়।

সোমবাৰে নিশা সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাটোৰ ফলত এগৰাকী ব্যক্তি থিতাতে মৃত্যু হোৱাৰ লগতে পাঁচগৰাকী ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি সোমবাৰে নিশা নিউ বাজাৰ অঞ্চলত  এখন মেজিক বাহনক তীব্ৰবেগী মাৰুতি ভ্যান এখনে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।

এই খুন্দাৰ ফলতে মাৰুতি ভ্যানখন সম্পুৰ্ণ ৰূপে চুৰ্ণ বিচুৰ্ণ হৈ পৰে আৰু ইয়াৰ চালক গৰাকীৰ থিতাতে মৃত্যু হয়।

আনহাতে, মাৰুতি ভ্যানখনৰ খুন্দাৰ ফলত মেজিক বাহনখনৰ ভিতৰত থকা পাঁচগৰাকী লোকো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

স্থানীয় লোক সকলে ততাতয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত সকলক চিকিৎসালয়লৈ প্ৰেৰণৰ দিহা কৰে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত কাছাৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন জব্দ কৰাৰ লগতে মৃত্যু হোৱা মাৰুতি ভ্যান বাহনখনৰ চালক গৰাকীৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।