NORTHEAST NOW (Assamese)

মৰ্মান্তিক! গুৱাহাটীত গাঁতত পৰা মোবাইল বুটলিবলৈ গৈ মৃত্যু মহিলাৰ!

May 16, 2023 7:24 pm · এন ই নাও নিউজ, গুৱাহাটী

জাৱৰৰ গাঁতত পৰি যোৱা মোবাইল উদ্ধাৰ কৰিবলৈ গৈ জীৱন হেৰুৱালে মহানগৰীৰ এগৰাকী মহিলাই।

এই মৰ্মান্তিক ঘটনাটো সোমবাৰে পুৱা গুৱাহাটীৰ বামুণীমৈদামত সংঘটিত হৈছে। ঘটনাৰ বিৱৰণীৰ মতে, জাৱৰ পেলাবলৈ যাওঁতে জাবৰৰ সৈতে মহিলাগৰাকীৰ মোবাইলটো গাঁতত পৰি যায়।

মহিলাগৰাকীয়ে গাঁতৰ পৰা মোবাইলটো উদ্ধাৰ কৰিবলৈ চেষ্টা কৰোতে এই শোকাৱহ ঘটনাটো সংঘটিত হয়।

গাতত পৰা মোবালটো উদ্ধাৰ কৰিবলৈ গৈ গাতত পৰি মহিলাগৰাকীৰ মৃত্যু হয়।

নিহত মহিলাগৰাকীৰ নাম আলোকা শৰ্মা বুলি জানিব পৰা গৈছে।

স্থানীয় লোকে খবৰ দিয়াৰ পিছতেই মহানগৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ গাঁতৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

Related News