কোকৰাঝাৰত প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ কৰ্মবিৰতি পালন

bhaba

ৰাজ্যৰ আন প্ৰান্তৰ লগতে বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰতো সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ কোকৰাঝাৰ জিলা কমিটিয়ে অসহযোগ আন্দোলন তথা কৰ্মবিৰতি পালন কৰে৷

সদৰ চহৰস্থিত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় সংলগ্ন দৈমালু খেলপথাৰত উক্ত কৰ্মবিৰতি কাৰ্যসূচী ৰুপায়ণ কৰা হয়৷

কোকৰাঝাৰ জিলা প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ সভাপতি জীতেন চন্দ্ৰ বৰ্মন আৰু সাধাৰণ সম্পাদক বুৰহান কাজীৰ নেতৃত্বত এক আৰু দুই মাৰ্চত ৰুপায়িত দুদিনীয়া কৰ্মবিৰতি কাৰ্যসূচীত প্ৰায় অৰ্ধ শতাধিক প্ৰশিক্ষণপ্ৰাপ্ত জোৱান সকলে হাতে-হাতে বেনাৰ,প্লেকাৰ্ড,ফেষ্টুন আদি প্ৰদৰ্শন কৰি ন্যায্য প্ৰাপ্য আদায়ৰ দাবীত কৰ্মবিৰতিত অংশ গ্ৰহণ কৰে৷

সাংবাদিকেৰে হোৱা কথা-বতৰাত জিলা প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ সাধাৰণ সম্পাদক বুৰহান কাজীয়ে কয় যে ১৯৪৭ চনৰ অসম গৃহৰক্ষী আইন সংশোধন কৰা,গৃহৰক্ষী কৰ্মীক নিম্নতম ওঠৰ হেজাৰ টকা প্ৰদান কৰা আৰু মৃত্যু হোৱাৰ পিছত পৰিয়ালৰ লোকক এককালীন সাহায্য তথা পেঞ্চনৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই আহিছে৷

যদিহে প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সকলৰ দাবী আৰু সমস্যাসমূহ শীঘ্ৰে সমাধানৰ ব্যৱস্থা নলয় তেন্তে পুনৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হব বুলি তেওঁ সকিয়াই দিয়ে৷