কৰ ব্যৱস্থাত আমূল পৰিৱৰ্তৰ অংগীকাৰেৰে মোডীয়ে মুকলি কৰিলে ‘স্বচ্ছ কৰ ব্যৱস্থা-সততাৰ সন্মান’ প্লেটফৰ্ম

modi12222

ফাইল ফটো

দেশৰ কৰ দাতা সকলক জঞ্জালমুক্ত,স্বচ্ছ কৰ ব্যৱস্থা এটা উপহাৰ দিয়াৰ লক্ষ্যৰে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে “Transparent Taxation – Honoring the Honest” অৰ্থাৎ স্বচ্ছ কৰ ব্যৱস্থা-সততাৰ সন্মান প্লেটফৰ্ম ।

এই ব্যৱস্থাৰ জৰিয়তে কৰ দাতা সকলে প্ৰায়ে সন্মুখীন হোৱা সমস্যা সমূহৰ সঠিক আৰু দ্ৰুত সমাধান উলিয়াব পৰা যাব।

এই বিশেষ ব্যৱস্থা মুকলি কৰি মোডীয়ে কয় যে কৰদাতা সকলে ভয়হীন ভাৱে তেওঁলোকৰ কৰ যাতে আদায় দিব পাৰে তাৰ বাবেই এই ব্যৱস্থা।

মোডীয়ে কয় যে এই ব্যৱস্থাই কৰদাতা সকলক প্ৰযুক্তিৰ উপযুক্ত ব্যৱহাৰ কৰি কৰ প্ৰদানৰ সুবিধা দিব।

কৰদাতা সকলে দেশ নিৰ্মাণৰ কামত অভূতপূৰ্ব বৰঙণি আগবঢ়াই আছে বুলি মন্তব্য কৰি  মোডীয়ে কয় যে কৰ ব্যৱস্থাত স্বচ্ছতা থাকিলেহে কৰদাতা সকলে নিৰ্ভয়ে কৰ কৰ দিব পাৰিব।

ভিডিঅ’ কৰনফাৰেন্সৰ জৰিয়তে মোডীয়ে মকলি কৰা এই প্লেটফৰ্ম মুকলিৰ সময়ত উপস্থিত থাকে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ।

সীতা ৰমণে কয় যে প্ৰযুক্তিৰ যুগত প্ৰধানমন্ত্ৰী মোডীয়ে মুকলি কৰা এই নতুন ব্যৱস্থাই দেশৰ প্ৰত্যক্ষ কৰৰ জগত খনলৈ বৃহৎ পৰিৱৰ্তন আনিব।