দেশৰ শীৰ্ষ প্ৰযুক্তি বিদ্যা শিক্ষানুষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজী চমুকৈ IIT ত আসন হেৰুৱাবলৈ ওলোৱা এজন ১৭ বছৰীয়া দলিত ছাত্ৰক সকাহ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। ইয়াৰ পূৰ্বে ছাত্ৰজনে বোম্বাই উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদন ন্যায়ালয়ে প্ৰত্যাহাৰ কৰিছিল।
সোমবাৰে শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে যদি ছাত্ৰজনক নামভৰ্তিৰ পৰা বঞ্চিত কৰা হয় আৰু দেশৰ সৰ্বোচ্চ আইন আদালতৰ পৰাও সহায় লাভত তেওঁ বিফল হয় তেতিয়া ই ন্যায়ৰ প্ৰহসন হ’ব।
উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ বাসিন্দা প্ৰিন্স জয়বীৰ সিঙে IIT বোম্বেত শিক্ষা লাভৰ বাবে নিৰ্বাচিত হৈছিল। কিন্তু তেওঁ ১৫,০০০ টকা গ্ৰহণমাচুল অনলাইন যোগে পৰিশোধ কৰিবলৈ অক্ষম হৈছিল।
কিন্তু পিছত তেওঁ ভগ্নীৰ সহায়ত মাচুল পৰিশোধৰ চেষ্টা কৰে যদিও ৱেবছাইটত কাৰিকৰী বিজুতিৰ দ্বাৰা বাধাগ্ৰস্ত হৈছিল। মাচুল পৰিশোধৰ বাবে তেওঁ IIT খড়গপুৰলৈও যোৱা বুলি ছাত্ৰজনে উল্লেখ কৰে।
কিন্তু তাৰ পিছতো তেওঁ বিফল হোৱাত মুম্বাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও ন্যায়ালয়ে তেওঁৰ আবেদন নাকচ কৰে। উপায়ন্তৰ হৈ তেওঁ উচ্চতম ন্যায়ালয়ৰ কাষ চাপে।
সোমবাৰে শীৰ্ষ আদালতে IIT ক 48 ঘণ্টাৰ ভিতৰত ছাত্ৰজনৰ বাবে এখন আসন আৱণ্টন কৰিবলৈ নিৰ্দেশ দিয়ে।
“এই শিক্ষাৰ্থীজনৰ বাবে এখন আসন সৃষ্টি কৰক। অৱশ্যে নিশ্চিত কৰক যাতে ইয়াৰ বাবে ইতিমধ্যে ভৰ্তি হোৱা আন কোনো শিক্ষাৰ্থী বিপদত নপৰে।” আদালতে কয়।
দুই ন্যায়াধীশৰ বিচাৰপীঠৰ অংশ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয়, “আদালতৰ সন্মুখত এজন যুৱ দলিত ছাত্ৰ আছে যি IIT বোম্বাইত তেওঁৰ মূল্যৱান আসন হেৰুওৱাৰ পথত আছে। এজন যুৱ দলিত শিক্ষাৰ্থীক মাচুল পৰিশোধ নকৰাৰ বাবে নামভৰ্তি কৰিবলৈ অস্বীকাৰ কৰা আৰু উচ্চতম ন্যায়ালয়ৰ পৰাও এইক্ষেত্ৰত নিৰাশ কৰাটো ন্যায়ৰ এক গুৰুতৰ প্ৰহসন হ’ব।”
প্ৰিন্স তেওঁৰ বংশ-পৰিয়ালৰ পৰা IIT ত প্ৰৱেশ কৰা প্ৰথম জন ছাত্ৰ। উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছত প্ৰিন্সে কয়, “IIT সদায় মোৰ সপোন হৈ আহিছে। মোৰ জীৱনৰ লক্ষ্য হৈছে প্ৰতিৰক্ষা প্ৰযুক্তিৰ ক্ষেত্ৰত এক দক্ষতা বিকাশ কৰা। মই ভাৰতৰ প্ৰতিৰক্ষা খণ্ডৰ আধুনিকীকৰণ কৰিব বিচাৰোঁ যাতে আমি আগতীয়া যুঁজাৰু বিমান আৰু অন্যান্য সামৰিক সঁজুলিত ব্যৱহৃত বিভিন্ন অত্যাধুনিক অংশ আমদানি কৰিবলৈ আন ৰাষ্ট্ৰসমূহৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে।”