NORTHEAST NOW (Assamese)

ঘৰৰ ভেটি বেংকে অধিগ্ৰহণ কৰাৰ সময়তে এইজন লোকে লাভ কৰিলে ১২ কোটি টকাৰ লটাৰী

February 15, 2020 10:01 am · এন ই নাও নিউজ
Updated: February 15, 2020 10:03 am
পৰিয়ালৰ সৈতে ৰাজন পেৰুনন।

মানুহৰ জীৱনলৈ ভাগ্যৰ পৰিৱৰ্তন কিদৰে আহে সেয়া দেখিলেহে বুজা যায়। এনে এক ঘটনাই ঘটিছে কেৰালাৰ কান্নুৰ জিলাত।

জিলাখনৰ জনজাতি সম্প্ৰদায়ৰ এজন দৈনিক হাজিৰা কৰা শ্ৰমিকে অলপতে কেৰালা চৰকাৰৰ খ্ৰীষ্টমাছ –নৰ্ৱবৰ্ষৰ বাম্পাৰ লটাৰীত ১২ কোটি টকাৰ পুৰষ্কাৰ লাভ কৰে।

যোৱা সোমবাৰে বিয়লি ৰাজ্যখনৰ ৰাজধানী থিৰুৱনন্তপুৰমত এই লটাৰী বিজয়ৰ কথা ঘোষণা কৰা হয়।

বাতৰি অনুসৰি, মালুৰ পঞ্চায়তৰ কুৰিষ্যা কল’নিত বাস কৰা ৰাজন পেৰুনন নামৰ লোকজনে কান্নুৰ জিলাৰ এখন চহৰ কুথুপাৰম্বুৰ এজন লটাৰী বিক্ৰেতাৰ পৰা ২৬৯৬০৯ নম্বৰৰ বিজয়ী টিকটটো ক্ৰয় কৰিছিল।

মঙলবাৰে পুৱাৰ ভাগত ৰাজনে তেওঁৰ পৰিয়ালৰ সৈতে এটা স্থানীয় কোঅপাৰেটিভ বেংকত গৈ ধন জমা কৰাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিবলৈ বিজয়ী টিকটটো অৰ্পন কৰে।

আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হৈছে ৰাজনে এনে এক সময়ত ১২ কোটি টকীয়া লটাৰী লাভ কৰিছে, যিসময়ত তেওঁ থকা ঘৰটোৱে ঋণৰ ধন ঘুৰাব নোৱাৰাৰ বাবে বেংকৰ হাতলৈ গুচি গৈছে।

তেওঁ গৃহ নিৰ্মাণ আৰু কন্যাৰ বিবাহৰ বাবে এটা ঋণ লৈছিল। কিন্তু ঋণটো পৰিশোধ কৰিব নোৱাৰাৰ বাবে ঘৰটো বন্ধকত গুচি যায়।

এনেধৰণৰ ঘটনা মাত্ৰ কিছুমান লোকৰ ক্ষেত্ৰতহে ঘটে যিসকল প্ৰকৃততেই  ভাগ্যৱান আৰু যাৰ প্ৰাৰ্থনাৰ ফল লাভ হয়।

Related News