জনজাতিকৰণ বিষয়টো প্ৰমিলাৰাণী, প্ৰমোদ বড়ো, আদিত্য খাকলাৰীৰ পৈতৃক সম্পত্তি নহয়

জনজাতিকৰণৰ বিষয়টো বি পি এফৰ নেত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম, প্ৰমোদ বড়ো বা আদিত্য খাকলাৰীৰ পৈতৃক সম্পত্তি নহয়। অসমৰ কোঁচ ৰাজবংশীসকলে দীৰ্ঘদিন ধৰি সংবিধানৰ আধাৰত জনজাতিকৰণৰ দাবী জনাই আহিছে। কোঁচ ৰাজবংশী সকলৰ জনজাতিকৰণত হেঙাৰ হিচাপে থিয় দিয়া সকলক এই দৰে সমালোচনা কৰে কোঁচ ৰাজবংশী সন্মিলনীৰ সভাপতি ধীৰেন চন্দ্ৰ ৰায় আৰু সম্পাদক ভবেশ ৰায়ে।

১৯ জানুৱাৰিত চিৰাং জিলাত সাংবাদিকৰ আগত দুয়োগৰাকীয়ে কয় যে অসমৰ এগৰাকী দায়িত্ববান মন্ত্ৰী তথা বিপিএফ দলৰ জ্যেষ্ঠ নেত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ লগতে ট্ৰাইবেল সংঘ, এবছুকে ধৰি একাংশ জনজাতীয় সংগঠনৰ উগ্ৰ মনোভাব অসমৰ কোঁচ ৰাজবংশীসকলৰ লগতে আন পাঁচ জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াত হেঙাৰ হিচাপে থিয় দিছে। গতিকে জনজাতীয় সংগঠনসমূহৰ এনে মনোভাবক কঠোৰ সমালোচনা কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সন্মিলনীয়ে।

তাৰোপৰি তেওঁলোকে কয় যে কোঁচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিৰ মৰ্যাদা পোৱাৰ পূৰ্ণ যোগ্যতা থকাৰ বাবে ১৯৯৬ চনতে তেতিয়াৰ বিজেপি চৰকাৰে ভাৰতৰ ৰাষ্ট্ৰপতিৰ এক অধ্যাদেশযোগে কোঁচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিছিল। কিন্তু একমাত্ৰ ট্ৰাইবেল সংঘৰ বিৰোধিতা আৰু পৰৱৰ্তী চৰকাৰৰ অমনোযোগিতাৰ পৰিপ্ৰেক্ষিতত জনজাতিকৰণ বিধেয়কখন লোকসভা আৰু ৰাজ্যসভাত গৃহীত নহ’ল।

সম্প্ৰতি বিজেপি চৰকাৰে পুনৰ বিষয়টো সন্দৰ্ভত ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়তে জনজাতীয় সংগঠনৰ এনে স্থিতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে। লগতে বৰ্তমান বিজেপি চৰকাকে যি নতুন নীতিৰে জনজাতিকৰণ কৰিব বিচাৰিছে তাৰো তীব্ৰ বিৰোধিতা কৰি পূৰ্বৰ নীতিৰ ভিত্তিতে জনজাতিকৰণ কৰিবলৈ সংগঠনটোৱে দাবী জনাইছে।