অসমৰ প্ৰতিষ্ঠিত সংবাদ মাধ্যম প্ৰাগ নিউজত বিয়পিছে ‘ফেক নিউজ’! ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকে অসমৰ প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ অসমলৈ আহিব বুলি আজি এটা বাতৰি প্ৰাগ নিউজত প্ৰকাশ পাইছিল যদিও এই খবৰ ভুৱা বুলি জানিব পৰা গৈছে।

ভূটানৰ ৰজাৰ কাৰ্যালয়ে নৰ্থইষ্ট নাওক জনাই যে, ভূটানৰ নৃপতি অসমলৈ অহাৰ কোনো পৰিকল্পনা বৰ্তমান নাই যদিও কণ্ঠশিল্পী জুবিনৰ গাৰ্গৰ আকস্মিক মৃত্যুত শোকপ্ৰকাশ কৰে। ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক এনে ভুৱা বাতৰি প্ৰচাৰ কৰাৰ বাবে ক্ষুব্ধ হৈ পৰে।
উল্লেখ্য যে, আজি অসমৰ আপোন কণ্ঠশিল্পী জুবিন গাৰ্গক ভূটানৰ ৰজাৰ প্ৰতিনিধি দলে আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।





