বনভোজ খাবলৈ যোৱা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ দলক মৌ-মাখিৰ অবিশ্বাস্য আক্ৰমণ; চিকিৎসাধীন

বনভোজ খাবলৈ যোৱা প্ৰায় ৬০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকক আজি এপাল মৌ-মাখিয়ে অবিশ্বাস্যভাৱে আক্ৰমণ কৰে। এই ঘটনা সংঘটিত হয় ত্ৰিপুৰাৰ খোৱাইত।

মৌ-মাখিৰ আক্ৰমণত আহত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলক ত্ৰিপুৰাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

দলটোৰ এগৰাকী শিক্ষক শ্ৰীকৃষ্ণ পাটশালাই জনোৱা অনুসৰি প্ৰায় ৬০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ একাংশ অভিভাৱকৰ সৈতে তেওঁলোকে উক্ত স্থানত বনভোজ খাবৰ বাবে গৈছিল।

“সেই সময়তে এটা চৰাইয়ে মৌ-মাখিৰ বাহটোত আক্ৰমণ কৰে ফলত মৌ-মাখিৰ জাকটোৱে আমাৰ দলটোক আক্ৰমণ কৰে।’ বনভোজৰ দলটোত যোৱা শিক্ষকগৰাকীৰ মন্তব্য।

মৌ-মাখিৰ আক্ৰমণত আহতসকল বৰ্তমান বিপদমুক্ত বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে।