মন্ত্রীৰ কনভয়ৰ খুন্দাত গুৱাহাটীত ত্ৰিপুৰাৰ যুৱকৰ মৃত্যু

Himanta Biswa's convoy kills two bikers in Assam's Biswanath

প্ৰতিনিধিত্বমূলক ফটো

গুৱাহাটীত মন্ত্ৰীৰ কনভয়ৰ গাড়ীৰ খুন্দাত মহানগৰীত থকা ত্ৰিপুৰাৰ এজন যুৱকৰ মৃত্যু হয়।মহানগৰীৰ ভৰলুমুখত বুধবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত এই পথ দুৰ্ঘটনাটো সংঘটিত হয়।

জানিব পৰা মতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ গাড়ীৰ খুন্দাত যুৱকজনৰ মৃত্যু হয়। এখন বাইক চলাই অহা যুৱকজনৰ মন্ত্ৰীৰ কনভয়ৰ গাড়ীৰ সৈতে সংঘৰ্ষত  যুৱকজন গুৰুতৰভাৱে আহত হোৱাৰ পিছত আহত যুৱকজনক জি এন আৰ চি হাস্পতালত ভৰ্তি কৰা হয় যদিও হাস্পাতলত চিকিৎসকে যুৱকজনক মৃত ঘোষণা কৰে। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত যুৱকজনে তীব্ৰ বেগত বাইক চলাই আহিছিল।

আনহাতে, মৃত ত্ৰিপুৰাৰ যুৱকজনক অনুপম চাকমা বুলি চিনাক্ত কৰা হৈছে। অনুপম টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্সৰ স্নাতকোত্তৰ চতুৰ্থ ষান্মাষিকৰ ছাত্ৰ আছিল।

ইপিনে, দুৰ্ঘটনাটো সম্পৰ্কত ভৰলুমুখ থানাৰ বিষয়াই জানিব দিয়ে যে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন আৰক্ষীয়ে ব্যৱহাৰ কৰিছিল আৰু সেইখন এখন অধিগ্ৰহণ কৰা ব্যক্তিগত বাহন আছিল। বিশেষভাৱে মন্ত্ৰীৰ কনভয়ৰ বাবে ব্যবহৃত নহয় যদিও কেতিয়াবা আৰক্ষীয়ে কনভয়ত ব্যৱহাৰ কৰে।