বিশ্বজুৰি ক্ষমতা প্ৰতিষ্ঠা কৰাৰ নিচাত উন্মাদ হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। এপিনে স্বাধীন ভেনিজুৱেলাৰ পৰা সপত্নীক ৰাষ্ট্ৰপতিক অপহৰণ কৰি দেশখনৰ নিয়ন্ত্ৰণ প্ৰায় দখল কৰিছে। আনহাতে, তেওঁ পুনৰবাৰ ভাৰতক পৰোক্ষ ভাবুকি দিবলৈ আৰম্ভ কৰিছে।
ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ নকৰিলে ভাৰতৰ ওপৰত অধিক শুল্ক আৰোপ কৰাৰ হুংকাৰ দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে। আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকলে অনুমান কৰাৰ দৰেই ভেনিজুৱেলাত আক্ৰমণৰ পিছৰে পৰা ট্ৰাম্পে তেনেধৰণৰ আচৰণেই কৰি আহিছে।
ৰাছিয়াৰ পৰা তেল আমদানি অব্যাহত ৰখাৰ বাবে ভাৰতৰ ওপৰত নতুন শুল্ক আৰোপ কৰাৰ হুংকাৰ দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জানিছিল যে মই সুখী নহয়।’
দেওবাৰে এয়াৰ ফৰ্চ ৱানত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কয়, ‘প্ৰধানমন্ত্ৰী মোডী এজন অতি ভাল মানুহ। কিন্তু তেওঁ জানিছিল যে মই সুখী নহয়। মোক সুখী কৰাতো গুৰুত্বপূৰ্ণ আছিল। এইবাৰ আমি অতি সোনকালে তেওঁলোকৰ ওপৰত শুল্ক বৃদ্ধি কৰিব পাৰো।’
উল্লেখ্য যে যোৱা বছৰ ট্ৰাম্পে ভাৰতৰ ওপৰত দুগুণ হাৰত শুল্ক আৰোপ কৰিছিল। তেওঁ ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫% শুল্ক আৰোপ কৰিছিল, লগতে ৰাছিয়াৰ তেল ক্ৰয়ৰ ওপৰত অতিৰিক্ত ২৫% জৰিমনা শুল্ক আৰোপ কৰিছিল। ফলত কিছুমান সামগ্ৰীৰ মুঠ শুল্ক ৫০% লৈ বৃদ্ধি পায়। ইয়াৰ বাবে নতুন দিল্লী আৰু ৱাশ্বিংটনৰ মাজত সম্পৰ্কৰ অৱনতি ঘটে।
কিন্তু এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এসপ্তাহ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে টেলিফোনিক বাৰ্তালাপৰ পিছত এই সতৰ্কবাণী প্ৰকাশ কৰিছে। সেই বাৰ্তালাপত দুয়োগৰাকী নেতাই শুল্ক উত্তেজনাৰ মাজতো দ্বিপাক্ষিক বাণিজ্যত শক্তিশালী গতি বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল।
এই টেলিফোনিক কথোপকথন সেইদিনাই হৈছিল যিদিনা ভাৰত আৰু আমেৰিকাৰ মাজত শুল্ক অচলাৱস্থা ভংগ কৰিবলৈ নতুন ৰাউণ্ডৰ আলোচনা আৰম্ভ হৈছিল। কিন্তু কিছুদিন পূৰ্বে হোৱাইট হাউছত এখন বৈঠকত ট্ৰাম্পক জনোৱা হৈছিল যে ভাৰতে চীন আৰু থাইলেণ্ডৰ সৈতে বাণিজ্যিক চুক্তিৰ আলোচনা কৰি আছে। এই সকলোবোৰ শুনি ট্ৰাম্পে মন্তব্য কৰে, ‘ভাৰত এই কাম কৰিব পাৰেনে? তেওঁলোকে শুল্ক দিব লাগিব। আমি ২ মিনিটত শুল্ক সমস্যা সমাধান কৰিম।’
সম্প্ৰতি দুয়োখন দেশৰ মাজত শুল্ক আলোচনা স্থবিৰ হৈ পৰিছে। আমেৰিকাৰ কৃষিজাত সামগ্ৰীৰ ওপৰত কোনো উচ্চ আমদানি শুল্ক ল’ব নালাগে বুলি ৱাশ্বিংটনে তীব্ৰ দাবী জনাইছে। আনহাতে, নতুন দিল্লীয়ে দেশৰ কৃষি আৰু দুগ্ধ উৎপাদনৰ সুৰক্ষাৰ ক্ষেত্ৰত দৃঢ় স্থিতি গ্ৰহণ কৰিছে।
আন্তঃৰাষ্ট্ৰীয় বিশ্লেষকৰ এটা অংশই ধাৰণা কৰে যে ভেনিজুৱেলাৰ ওপৰত আক্ৰমণ ড্ৰাগছ ব্যৱসায়ৰ অন্ত পেলোৱা বা গণতন্ত্ৰ ৰক্ষা কৰা নহয়, বৰঞ্চ তাত থকা তেলৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰাটোৱেই ট্ৰাম্পৰ লক্ষ্য। তেনে ক্ষেত্ৰত যদি ভেনিজুৱেলা আমেৰিকাৰ শাসনৰ অধীনলৈ আহে তেন্তে বিশাল তেল ব্যৱসায়ৰ নিয়ন্ত্ৰণ ট্ৰাম্পৰ হাতলৈ যাব।
ইপিনে, ভাৰতে বাৰে বাৰে কৈ আহিছে যে ৰাছিয়াৰ পৰা কম দামত তেল ক্ৰয় কৰিছে নিজৰ স্বাৰ্থৰ বাবে। আন্তঃৰাষ্ট্ৰীয় বিশ্লেষকৰ এটা অংশই ধাৰণা কৰে যে ৰাছিয়াক বশ কৰিবলৈ ট্ৰাম্পে এইবাৰ শুল্ক আৰোপ কৰি ভাৰতক তেওঁলোকৰ পৰা তেল ক্ৰয় কৰিবলৈ বাধ্য কৰিব বিচাৰে?





