ডোনাল্ড ট্ৰাম্পে শেহতীয়াকৈ লেটিন আমেৰিকাৰ দেশসমূহৰ ওপৰত কৰা মন্তব্যই বিশ্বজুৰি এক তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। বিশেষকৈ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক লৈ কৰা মন্তব্য আৰু ইয়াৰ পিছতে কিউবা, মেক্সিকো তথা কলম্বিয়াৰ নাম উল্লেখ কৰি তেওঁ দিয়া সকীয়নীয়ে অঞ্চলটোৰ ৰাষ্ট্ৰীয় সাৰ্বভৌমত্বৰ প্ৰতি এক বিপদ মাতি আনিছে। ট্ৰাম্পৰ এই কথাবোৰক কেৱল সাধাৰণবক্তব্য বুলি উলাই কৰিব নোৱাৰি কাৰণ ইয়াৰ আঁৰত আমেৰিকাৰ পুৰণি ঔপনিবেশিকতাবাদী মানসিকতা প্ৰতিফলিত হৈছে। বিশ্ব ইতিহাস সাক্ষী আছে, যেতিয়া শক্তিশালী দেশসমূহে দুৰ্বল দেশৰ ভাগ্য নিৰ্ধাৰণ কৰিব বিচাৰে তেতিয়া আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত এক অস্থিৰ পৰিৱেশৰ সৃষ্টি হয় যিয়ে গণতান্ত্ৰিক মূল্যবোধক আঘাত কৰে।
ভেনিজুৱেলাৰ ক্ষেত্ৰত দেখা গৈছে যে দীৰ্ঘদিন ধৰি আমেৰিকাই দেশখনৰ ওপৰত কঠোৰ অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰি আহিছে। চৰকাৰ সলনি কৰাৰ বাবে কৰা হেঁচা আৰু মুকলি ভাবুকিয়ে ভেনিজুৱেলাক এখন সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে মৰ্যাদা দিয়াৰ পৰিৱৰ্তে ৱাশ্বিংটনৰ এক সমস্যা হিচাপেহে প্ৰতিপন্ন কৰিছে। আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি যিকোনো দেশৰে নিজৰ ৰাজনৈতিক ব্যৱস্থা বাছনি কৰাৰ অধিকাৰ আছে। কোনো এজন নেতাক সমৰ্থন কৰা বা নকৰাটো সেই দেশৰ জনসাধাৰণৰ বিষয়। কিন্তু বাহিৰৰ পৰা বলপ্ৰয়োগ কৰি চৰকাৰ সলনি কৰিব খোজা কাৰ্যই আন্তঃৰাষ্ট্ৰীয় নিয়মসমূহৰ উলংঘা কৰে।
ৰাষ্ট্ৰসংঘৰ চনদৰ দ্বিতীয় অনুচ্ছেদত স্পষ্টকৈ উল্লেখ আছে যে সকলো সদস্য ৰাষ্ট্ৰৰ সমান সাৰ্বভৌম অধিকাৰ থাকিব। কোনো দেশৰ ভৌগোলিক অখণ্ডতা বা ৰাজনৈতিক স্বাধীনতাৰ বিৰুদ্ধে শক্তি প্ৰয়োগ কৰাটো নিষিদ্ধ। ট্ৰাম্পৰ শেহতীয়া হুংকাৰে এই নীতিসমূহক পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাইছে। যেতিয়া এজন প্ৰভাৱশালী নেতাই আন দেশৰ নাম লৈ ইখনৰ পিছত সিখনকৈ দেশ তেওঁলোকৰ লক্ষ্য হ’ব পাৰে বুলি কয় তেতিয়া ই এক ভয় আৰু অনিশ্চয়তাৰ পৰিৱেশ সৃষ্টি কৰে। ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় আইনসমূহৰ ওপৰত মানুহৰ আস্থা কমি যায় আৰু বিশৃংখলতা বৃদ্ধিৰ আশংকা বৃদ্ধি পায়।
কিউবাই ইতিমধ্যে দশক দশক ধৰি আমেৰিকাৰ অৰ্থনৈতিক অৱৰোধৰ সন্মুখীন হৈ আহিছে যিটো ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত প্ৰতিবছৰে সমালোচিত হয়। আনহাতে মেক্সিকো আৰু কলম্বিয়া আমেৰিকাৰ বন্ধু দেশ হোৱাৰ পিছতো তেওঁলোকৰ নিজা ৰাজনৈতিক পথ আছে। তেওঁলোকক শাস্তিৰ ভাবুকি দিয়াৰ অৰ্থ হ’ল সাৰ্বভৌমত্ব কেৱল তেতিয়াহে থাকিব যেতিয়া তেওঁলোকে আমেৰিকাৰ কথা মতে চলিব। এই ধৰণৰ চিন্তাধাৰাই আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক এক উচ্চ-নীচৰ শ্ৰেণীবিভাজনলৈ ৰূপান্তৰিত কৰে য’ত ভাতৃত্ববোধৰ কোনো স্থান নাথাকে।
আন্তঃৰাষ্ট্ৰীয় আইনৰ মূল উদ্দেশ্যই হ’ল শক্তিশালী দেশৰ সাম্ৰাজ্যবাদী চৰিত্ৰ ৰোধ কৰা। কোনো দেশে আন এখন দেশৰ শাসনভাৰ কাৰ হাতত থাকিব সেয়া ঠিক কৰি দিব নোৱাৰে। অৰ্থনৈতিকভাৱে জনগণক দুখ-কষ্ট দি ৰাজনৈতিক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰাটো বিশ্ব শান্তিৰ বাবে ক্ষতিকাৰক। ট্ৰাম্পৰ দৰে নেতাসকলে এই নিয়মবোৰ আওকাণ কৰিলে ৰাষ্ট্ৰসংঘৰ দৰে প্ৰতিষ্ঠানসমূহ দুৰ্বল হৈ পৰে। এয়া কেৱল লেটিন আমেৰিকাৰ সমস্যা নহয় বৰঞ্চ সমগ্ৰ বিশ্বৰ বাবে এক চিন্তাৰ বিষয়। আজি যদি ভেনিজুৱেলাৰ সাৰ্বভৌমত্বক ভৰিৰে মোহাৰি দিয়া হয় তেন্তে কাইলৈ আন যিকোনো দেশৰ লগতে এনে হ’ব পাৰে। সেয়েহে কোনো চৰকাৰক সমৰ্থন কৰাৰ বাবে নহয় বৰঞ্চ নিজৰ ভৱিষ্যত নিজে গঢ়াৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ সকলোৱে আন্তঃৰাষ্ট্ৰীয় আইনক সন্মান কৰা উচিত।





