• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

নতুন আইনৰ জৰিয়তে ৰাছিয়াৰ সামগ্ৰীৰ ওপৰত পাঁচশ শতাংশ শুল্ক আৰোপৰ সমান্তৰালকৈ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা ভাৰতকে ধৰি আন দহখন দেশৰ ওপৰত সৰ্বোচ্চ এশ শতাংশ পৰ্যন্ত শুল্ক আৰোপৰ ক্ষমতা লাভ কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 19, 2026 3:03 pm
ফটো: সংগৃহীত

ফটো: সংগৃহীত

31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা ভাৰতকে ধৰি কেইবাখনো দেশৰ সামগ্ৰীৰ ওপৰত এশ শতাংশ পৰ্যন্ত শুল্ক আৰোপ কৰিব পৰা এখন বিশেষ বিধেয়কত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰিছে। ‘লিণ্ডছে অ’ গ্ৰাহাম ছেংচনিং ৰাছিয়া এণ্ড ইৰাণ এক্ট অৱ ২০২৬’ নামৰ এই বিধেয়কখন শেহতীয়াকৈ মাৰ্কিন সংসদৰ দুয়োখন সদনত ভোটাভুটিৰ জৰিয়তে গৃহীত হোৱাৰ পাছত ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ যোগেদি এতিয়া আইনত পৰিণত হৈছে। ইউক্ৰেইনত ৰাছিয়াৰ আগ্ৰাসন প্ৰতিহত কৰা আৰু মস্কোৰ যুদ্ধকালীন অৰ্থনীতিক দুৰ্বল কৰাৰ মূল লক্ষ্যৰে প্ৰণয়ন কৰা এই আইনখনে ৰাছিয়াৰ পৰা তেল বা প্ৰাকৃতিক গেছ ক্ৰয় কৰা দেশসমূহৰ ওপৰত কঠোৰ অৰ্থনৈতিক প্ৰতিবন্ধকতা আৰোপ কৰাৰ ক্ষমতা মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক প্ৰদান কৰিছে।

 

Apply Now

দুদিন পূৰ্বে মাৰ্কিন সংসদৰ নিম্ন সদন ‘হাউচ অৱ ৰিপ্ৰেজেণ্টেটিভছ’ত ২৬২-১৫৯ ভোটৰ ব্যৱধানত গৃহীত হোৱা এই নতুন আইনখনে ৰাছিয়াৰ ওপৰতো পোনপটীয়া আৰু কঠোৰ প্ৰভাৱ পেলাব। আইনখনত ৰাছিয়াৰ পৰা আমেৰিকালৈ আমদানি কৰা যিকোনো সামগ্ৰীৰ ওপৰত সৰ্বোচ্চ পাঁচশ শতাংশ পৰ্যন্ত শুল্ক আৰোপ কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু তেওঁৰ চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ ওপৰতো কঠোৰ প্ৰতিবন্ধকতা আৰোপ কৰাৰ কথা আইনখনত উল্লেখ কৰা হৈছে, যাতে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ চলাই নিবলৈ ৰাছিয়াই প্ৰয়োজনীয় যুদ্ধৰ পুঁজি আহৰণ কৰিব নোৱাৰে।

 

এই আইনৰ ফলত ভাৰতৰ লগতে চীন, সংযুক্ত আৰৱ আমিৰশ্বাহী, তুৰস্ক, ছিংগাপুৰ, আজাৰবাইজান, কাজাখস্তান, কিৰ্গিস্তান, হাংগেৰী আৰু শ্ল’ভাকিয়াৰ দৰে দেশসমূহো সমস্যাৰ সন্মুখীন হ’ব পাৰে। এই দেশসমূহৰ সৈতে ৰাছিয়াৰ শক্তি খণ্ডৰ বাণিজ্যিক লেনদেন বিশেষকৈ তেলৰ ক্ৰয়-বিক্ৰয় অব্যাহত আছে। মাৰ্কিন সংসদৰ এগৰাকী ডেম’ক্ৰেট সদস্যই এই দেশসমূহৰ নাম নিৰ্দিষ্টকৈ শুল্ক আৰোপ বা প্ৰতিবন্ধকতাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ দিছিল যদিও বাস্তৱত সেয়া আইনখনত প্ৰতিফলিত নহ’ল। উল্লেখযোগ্য যে, ৰাষ্ট্ৰপতি ট্ৰাম্পে বিধেয়কখনত স্বাক্ষৰ কৰাৰ অৰ্থ এইটো নহয় যে ভাৰতৰ ওপৰত তাৎক্ষণিকভাৱে এশ শতাংশ শুল্ক কাৰ্যকৰী কৰা হৈছে। এই আইনৰ জৰিয়তে কেৱল শুল্ক আৰোপৰ আইনী ক্ষমতা মাৰ্কিন প্ৰশাসনৰ হাতলৈ আহিছে আৰু ইয়াক কাৰ্যকৰী কৰাৰ সিদ্ধান্ত সম্পূৰ্ণৰূপে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ইচ্ছাধীন। আনকি, ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা সত্ত্বেও ইউৰোপৰ দেশ হাংগেৰীক ট্ৰাম্পে পৰিস্থিতি সাপেক্ষে পূৰ্বৰে পৰা বিশেষ ৰেহাই প্ৰদান কৰি অহাৰ দৃষ্টান্তও আছে।

 

বৰ্তমান আমেৰিকাৰ বজাৰত ভাৰতীয় সামগ্ৰীৰ ওপৰত প্ৰায় বাৰ শতাংশ শুল্ক আৰোপ কৰা হয়। যদিহে ৰাষ্ট্ৰপতি ট্ৰাম্পে নিজৰ ক্ষমতা প্ৰয়োগ কৰি এই শুল্ক এশ শতাংশলৈ বৃদ্ধি কৰে, তেন্তে মাৰ্কিন বজাৰত ভাৰতীয় সামগ্ৰীৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পাব আৰু ইয়াৰ ফলত ভাৰত-মাৰ্কিন বাণিজ্য চুক্তিৰ লগতে সামগ্ৰিক অৰ্থনীতি ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা আছে। ইফালে, ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে তেওঁলোকে মাৰ্কিন যুক্তৰাষ্ট্ৰত আইনখন গৃহীত হোৱাৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। অৱশ্যে, ৱাশ্বিংটনৰ হেঁচাত নতিস্বীকাৰ কৰি ১৪০ কোটি ভাৰতীয়ৰ শক্তি নিৰাপত্তা নিশ্চিত কৰাৰ স্বাৰ্থত ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা প্ৰক্ৰিয়া ভাৰতে বন্ধ নকৰে বুলিও চৰকাৰে সদৰী কৰিছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd