• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

“মোৰ অনুৰোধত ভাৰতে পাকিস্তানৰ সৈতে যুদ্ধবিৰতি কৰিলে”- বৰ্ধিত শুল্কৰ বিষয়ে উল্লেখ কৰি ট্ৰাম্পৰ দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 30, 2025 11:10 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানৰ সৈতে যুদ্ধ বিৰতিত আমেৰিকাৰ হস্তক্ষেপৰ কথা মোদী চৰকাৰে অস্বীকাৰ কৰি আহিছে। সম্প্ৰতি চলি থকা গ্ৰীষ্মকালীন অধিৱেশনতো এই সন্দৰ্ভত বিৰোধীৰ প্ৰশ্নত থকা-সৰকা হৈছে শাসক বিজেপি কিন্তু আমেৰিকাৰ হস্তক্ষেপৰ কথা অস্বীকাৰ কৰিছে। প্ৰধান মন্ত্ৰীৰ ১০৫ মিনিটৰ ভষণত ট্ৰাম্পৰ বিষায়টো এৰাই চলা পৰিলক্ষিত হ’ল।

ভাৰত চৰকাৰে এই বিষয়টো গাপ দিবলৈ বা এৰাই চলিব বিচাৰিলেও আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সংবাদ মাধ্যমৰ আগত দাবী কৰিবলৈ এৰা নাই যে আমেৰিকাৰ হস্তক্ষেপৰ বাবে ভাৰত পাকিস্তানৰ মাজত যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ হয়।

Apply Now

#WATCH | When asked if India is going to pay high tariffs, between 20-25%, US President Donald Trump says, "Yeah, I think so. India is my friend. They ended the war with Pakistan at my request…The deal with India is not finalised. India has been a good friend, but India has… pic.twitter.com/IYxParZqce

— ANI (@ANI) July 29, 2025

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মঙলবাৰ ২৯ জুলাই তাৰিখে ঘোষণা কৰে যে ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি চূড়ান্ত হোৱা নাই, পাৰস্পৰিক শুল্ক আৰোপ কৰাৰ ১ আগষ্টৰ সময়সীমালৈ মাত্ৰ দুদিন বাকী আছে।

সাংবাদিকে, ভাৰতে ২০-২৫%ৰ ভিতৰত উচ্চ শুল্ক দিব নেকি বুলি সোধা প্ৰশ্নৰ প্ৰত্যুত্তৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয়, ‘হয়, মই তেনেকৈয়ে ভাবো। ভাৰত মোৰ বন্ধু। মোৰ অনুৰোধত তেওঁলোকে পাকিস্তানৰ সৈতে যুদ্ধ শেষ কৰিলে…ভাৰতৰ সৈতে চুক্তি চূড়ান্ত হোৱা নাই।’

সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ট্ৰাম্পে ইংগিত দিয়ে যে আলোচনা বিফল হ’লে ভাৰতে আমেৰিকালৈ ৰপ্তানিৰ ওপৰত ২০%ৰ পৰা ২৫% শুল্কৰ সন্মুখীন হ’ব পাৰে। অৱশ্যে আলোচনা অব্যাহত থকাৰ বাবে চূড়ান্ত শুল্কৰ হাৰ সিদ্ধান্ত লোৱা হোৱা নাই বুলি তেওঁ উল্লেখ কৰে।

ভাৰতৰ বাণিজ্য নীতিক লৈ উদ্বেগ প্ৰকাশ কৰি ট্ৰাম্পে কয়, ‘ভাৰত ভাল বন্ধু হৈ আহিছে, কিন্তু ভাৰতে প্ৰায় আন দেশতকৈ অধিক শুল্ক আদায় কৰিছে। “আপুনি কেৱল তেনেকুৱা কৰিব নোৱাৰে।”

ট্ৰাম্পে এপ্ৰিল মাহত অধিক শুল্ক ঘোষণা কৰিছিল যদিও আলোচনাৰ বাবে সময় দিবলৈ ৯০ দিনৰ বাবে সাময়িকভাৱে ১০% লৈ হ্ৰাস কৰিছিল। সময়সীমা বৃদ্ধিৰ পিছতো মাত্ৰ কেইটামান বাণিজ্যিক চুক্তিহে নিশ্চিত কৰা হৈছে।

সোমবাৰে ট্ৰাম্পে পৰামৰ্শ দিছিল যে দ্বিপাক্ষিক বাণিজ্য চুক্তি নথকা দেশসমূহে ১৫%ৰ পৰা ২০% বিশ্বব্যাপী শুল্কৰ সন্মুখীন হ’ব পাৰে, যিটো এপ্ৰিল মাহত প্ৰৱৰ্তন কৰা বৰ্তমানৰ ১০% ভিত্তি ৰেখাৰ তুলনাত অধিক। চলিত বৰ্ষৰ আৰম্ভণিতে আমেৰিকাই কানাডা, মেক্সিকো, চীনৰ সামগ্ৰীৰ ওপৰত ২৫% শুল্ক আৰোপ কৰিছিল।

উল্লেখ্য যে ভাৰত আৰু আমেৰিকাই বাণিজ্যিক আলোচনাত লিপ্ত হৈছে, মে’ মাহত কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱালৰ নেতৃত্বত ভাৰতীয় প্ৰতিনিধি দল আমেৰিকা ভ্ৰমণ কৰাৰ পিছত জুন মাহত আমেৰিকাৰ এটা দল ভাৰত ভ্ৰমণ কৰে। আগষ্টৰ মাজভাগত আমেৰিকাৰ প্ৰতিনিধি দল ভাৰত ভ্ৰমণৰ কথা, সেই সময়লৈ ভাৰতীয় বিষয়াসকল আশাবাদী হৈ আছে। তেওঁলোকৰ লক্ষ্য হৈছে ছেপ্টেম্বৰ বা অক্টোবৰৰ ভিতৰত বাণিজ্য চুক্তিৰ প্ৰথম পৰ্যায় চূড়ান্ত কৰা। ভাৰতীয় বিষয়াসকলে জনাই যে পাঁচটা ৰাউণ্ডৰ আলোচনাৰ অগ্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকাই আৰোপ কৰা যিকোনো শুল্ক সাময়িক হোৱাৰ সম্ভাৱনা আছে। এজন বিষয়াই কয় যে আমি ধৰি লৈছো যে ই এক অস্থায়ী ব্যৱস্থা হ’ব, আৰু অতি সোনকালে চুক্তি হ’ব।

সম্প্ৰতি অধিক শুল্ক আৰোপৰ সম্ভাৱনাই সম্ভাৱ্য বাণিজ্যিক যুদ্ধৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে, যিয়ে বিশ্বৰ বজাৰত ব্যাঘাত জন্মাব পাৰে আৰু বিশ্বজুৰি অৰ্থনীতিত প্ৰভাৱ পেলাব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোঠাত স্বামীৰ ৰক্তাক্ত শৰীৰ! গুৰুতৰভাৱে আহত সন্তান, কাষত বহি মোবাইল স্ক্ৰল কৰাত ব্যস্ত পত্নী

কোঠাত স্বামীৰ ৰক্তাক্ত শৰীৰ! গুৰুতৰভাৱে আহত সন্তান, কাষত বহি মোবাইল স্ক্ৰল কৰাত ব্যস্ত পত্নী

July 16, 2026 4:36 pm
ভাঙি পৰিল সচিবালয়ৰ সন্মুখৰ গছৰ ডাল: কথমপি প্ৰাণ ৰক্ষা সাংবাদিক মহেশ ডেকাৰ, বিস্তৰ ক্ষতিসাধন বাহনৰ      

ভাঙি পৰিল সচিবালয়ৰ সন্মুখৰ গছৰ ডাল: কথমপি প্ৰাণ ৰক্ষা সাংবাদিক মহেশ ডেকাৰ, বিস্তৰ ক্ষতিসাধন বাহনৰ    

July 16, 2026 4:26 pm
আমেৰিকাৰ শীৰ্ষ বেংকৰ ‘সংস্কাৰ’ টাস্ক ফ’ৰ্চত ৰঘুৰাম ৰাজন; গুৰুত্বপূৰ্ণ পদত আৰু দুজন ভাৰতীয়

আমেৰিকাৰ শীৰ্ষ বেংকৰ ‘সংস্কাৰ’ টাস্ক ফ’ৰ্চত ৰঘুৰাম ৰাজন; গুৰুত্বপূৰ্ণ পদত আৰু দুজন ভাৰতীয়

July 16, 2026 3:02 pm
ফিফাৰ সৈতে হলি গলি! নাই নাই, অৱশেষত মুখ খুলিলে লিয়’নেল মেচিয়ে : জনালে গুৰি কথা ‎ক’ত ‎

ফিফাৰ সৈতে হলি গলি! নাই নাই, অৱশেষত মুখ খুলিলে লিয়’নেল মেচিয়ে : জনালে গুৰি কথা ‎ক’ত ‎

July 16, 2026 2:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোঠাত স্বামীৰ ৰক্তাক্ত শৰীৰ! গুৰুতৰভাৱে আহত সন্তান, কাষত বহি মোবাইল স্ক্ৰল কৰাত ব্যস্ত পত্নী

কোঠাত স্বামীৰ ৰক্তাক্ত শৰীৰ! গুৰুতৰভাৱে আহত সন্তান, কাষত বহি মোবাইল স্ক্ৰল কৰাত ব্যস্ত পত্নী

July 16, 2026 4:36 pm
ভাঙি পৰিল সচিবালয়ৰ সন্মুখৰ গছৰ ডাল: কথমপি প্ৰাণ ৰক্ষা সাংবাদিক মহেশ ডেকাৰ, বিস্তৰ ক্ষতিসাধন বাহনৰ      

ভাঙি পৰিল সচিবালয়ৰ সন্মুখৰ গছৰ ডাল: কথমপি প্ৰাণ ৰক্ষা সাংবাদিক মহেশ ডেকাৰ, বিস্তৰ ক্ষতিসাধন বাহনৰ    

July 16, 2026 4:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd