ইৰাণক পৰাস্ত কৰাৰ পিছত বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ জলপথ হৰমুজ প্ৰণালীক অতি সোনকালেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূখণ্ড হিচাপে ঘোষণা কৰা হ’ব বুলি মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইৰাণে। শনিবাৰে তেহৰাণে স্পষ্ট কৰি দিয়ে যে এই কৌশলগত জলপথটো সদায় ইৰাণৰ আছিল, বৰ্তমানো আছে আৰু ভৱিষ্যতেও ইৰাণৰেই হৈ থাকিব।
নিউয়ৰ্কত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ট্ৰাম্পে কয়, “ইৰাণক পৰাস্ত কৰাৰ কাম শেষ হোৱাৰ পিছতেই মই অতি সোনকালে হৰমুজ প্ৰণালীক আমেৰিকাৰ ভূখণ্ড হিচাপে ঘোষণা কৰিম”। হাঁহি হাঁহি কৰা এই মন্তব্যৰ লগতে তেওঁ এইটোও দাবী কৰে যে তেওঁৰ কথাখিনি সম্পূৰ্ণ সঁচা আৰু ইয়াক কাৰ্যকৰী কৰা হ’ব।
মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ এই মন্তব্যৰ প্ৰত্যুত্তৰত ইৰাণৰ উপ-বৈদেশিক মন্ত্ৰী কাজেৰ ঘৰিবাবদিয়ে ছ’চিয়েল মিডিয়া ‘এক্স’ (X) যোগে কয় যে এখন টুইট, এখন যুদ্ধজাহাজ বা নিৰ্বাচনী ভাষণৰ জৰিয়তে হৰমুজ প্ৰণালী কেতিয়াও দখল কৰিব নোৱাৰি। তেওঁ মাৰ্কিন প্ৰশাসনক বাস্তৱিক পৰাজয় স্বীকাৰ কৰিবলৈ আৰু অমূলক বিভ্ৰান্তিৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিয়ে।
উল্লেখ্য যে, বিশ্বৰ বৃহৎ পৰিমাণৰ শক্তি সৰবৰাহ হোৱা এই প্ৰণালীটোক লৈ পূৰ্বতেও ট্ৰাম্পে আমেৰিকাৰ “সম্পূৰ্ণ নিয়ন্ত্ৰণ” থকা বুলি দাবী কৰিছিল আৰু ইৰাণৰ বিৰুদ্ধে চলোৱা মাৰ্কিন নৌসেনাৰ অৱৰোধক “তীখাৰ দেৱাল” বুলি অভিহিত কৰিছিল। অৱশ্যে ইৰাণৰ সামৰিক বাহিনীয়ে ট্ৰাম্পৰ এই দাবীসমূহক মিছা বুলি নাকচ কৰিছে আৰু এই জলপথ সম্পূৰ্ণ তেওঁলোকৰ নিয়ন্ত্ৰণত থকা বুলি প্ৰকাশ কৰিছে। ইফালে, দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলৰ এক প্ৰতিবেদন অনুসৰি হোৱাইট হাউছৰ এগৰাকী বিষয়াই সদৰী কৰিছে যে ট্ৰাম্পে প্ৰণালীটো সন্দৰ্ভত কৰা এই মন্তব্য আচলতে ধেমালিহে আছিল আৰু উপদেষ্টাৰ সৈতে এনে কোনো আলোচনা হোৱা নাই।





