• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্ত্তী হাতীখলি ৰংহাং গাঁৱত ৬০০ বিঘা মাটিত বন্যহস্তীৰ বাবে কৃষিকাৰ্য্য

ভৈয়ামৰ কৃষিভূমিত বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ চেষ্টা "হাতীবন্ধু"ৰ

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
November 8, 2020 8:50 am
VideoCapture_20201108-012952
478
VIEWS
Share on FacebookShare on Twitter

হস্তী-মানুহৰ সংঘাতে জৰ্জৰিত কৰা নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্ত্তী এটি অঞ্চলত এই বছৰ বন্যহস্তীয়ে চলোৱা নাই কোনো ধৰণৰ উপদ্ৰৱ। যাৰ বাবে সীমামুৰীয়া ভৈয়ামৰ কৃষক ৰাইজৰ মুখত বিৰিঙিছে এমোকোৰা হাঁহি!

কাৰণ নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্ত্তী ৰংহাং হাতীখলি গাঁৱৰ সমীপৰ পাহাৰীয়া ৬০০ বিঘা ভূমিত কৰা হৈছে কৃষি কাৰ্য কেৱল মাত্ৰ বনৰীয়া হাতীক খাদ্য যোগান ধৰিবৰ বাবে।

aa VideoCapture_20201108-012909

ৰংহাং হাতীখলি গাঁৱৰ ৰাইজৰ সহযোগত “হাতীবন্ধু” নামৰ এটি স্বেচ্ছাসেৱী সংগঠনে গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক প্ৰদীপ কুমাৰ ভূঞাৰ পৃষ্ঠপোষকতাত তথা চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা আৰু তেওঁৰ পত্নী মেঘ্নাময়ূৰ হাজৰীকাৰ নেতৃত্বত বন্যহস্তীক খাদ্য যোগান ধৰিবৰ বাবে বিগত বছৰত ২০০ বিঘা মাটিত ধান খেতি কৰাৰ বিপৰীতে এই বছৰ ৬০০ বিঘা পাহাৰীয়া মাটিত কেৱল ধান খেতিয়েই নহয় বন্যহস্তীক পৰ্য্যপ্ত আহাৰ যোগান ধৰিব পৰাকৈ কৰিছে ঝাৰু, নেফিয়াৰ ঘাঁহ, ঔ-টেঙা, কুম্ভীৰ আদি হাতীৰ প্ৰিয় খাদ্য হিচাপে পৰিচিত বিভিন্ন উদ্ভিদৰ খেতি।

অঞ্চলটোত যোৱা বছৰ ২০০ বিঘা মাটিত ধান খেতি কৰি ভৈয়ামত উপদ্ৰৱ চলোৱা বনৰীয়া হাতীৰ জাকৰ বিচৰণ ২৬ দিন ধৰি ধাননি খনতে সীমিত কৰি ৰাখিবলৈ সক্ষম হোৱাৰ পিছত এইবছৰ কৰা ৬০০ বিঘা মাটিত কৰা খেতিৰ জৰিয়তে নিশ্চয়কৈ ভৈয়ামৰ কৃষকৰ কষ্টোপাৰ্জিত ধানখেতি ডৰা চপোৱাৰ সময়ত যথেষ্ট দিন ধৰি বনৰীয়া হাতীৰ জাকৰ বিচৰণ ৰংহাং হাতীখলিৰ বিশেষ পথাৰ খনতে সীমাবদ্ধ কৰি ৰাখিব পাৰিব বুলি আশাবাদী দুলু বৰাহঁত।

ইফালে পূৰ্বৰ তুলনাত বন্যহস্তীৰ উপদ্ৰৱৰ পৰা এই বছৰ সীমান্তৱৰ্ত্তী কৃষক ৰাইজ বহু পৰিমাণে পৰিত্ৰাণ পোৱাৰ বাবে বহুবোৰ সুখকৰ অভিজ্ঞতাৰ সাক্ষী হ’বলৈ সুবিধা পাইছে বুলিও সংবাদ মাধ্যমক জানিবলৈ দিছে স্থানীয় ৰাইজে।

লগতে এইবছৰ বনাঞ্চল এৰি খাদ্যৰ সন্ধানত বন্যহস্তীৰ জাক জনাঞ্চলত প্ৰবেশ নকৰাৰ বাবে বহু বছৰৰ মুৰকত ৰংহাংৰ গঞাঁ ৰাইজেও কঠালৰ সোৱাদ ল’বলৈ সুবিধা পোৱাৰ লগতে পথাৰৰ ধান কেইটা চপাই আনি নিজৰ ঘৰত মজুত কৰি ৰাখিব পৰাকৈ নতুনকৈ ভঁৰাল ঘৰো সাজিবলৈও দিহা কৰিছে বুলি জানিব পৰা গৈছে।

লক্ষণীয় কথাটো হ’ল যে, ২০১৯ বৰ্ষৰ মুখ্যমন্ত্ৰীৰ শ্ৰেষ্ঠ সামুহিক কৰ্ম বঁটা প্ৰাপক প্ৰকৃতিপ্ৰেমী দুলু বৰা, সহধৰ্মিণী মেঘ্নাময়ূৰ হাজৰিকা, গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক প্ৰদীপ কুমাৰ ভূঞা আদিৰ দৰে ব্যক্তি সকলে নিজৰ ঘৰৰ পৰা বহু দূৰৈত জংঘলৰ মাজত থাকি দিনে-নিশাই কৰি অহা নিঃস্বাৰ্থ কৰ্ম আৰু নিভাজ হস্তীপ্ৰেমৰ বাবেই নিশ্চয় এইবেলি বহু জনৰ মুখত হাঁহি বিৰিঙিছে নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্ত্তী ৰংহাং হাতীখলি অঞ্চলত।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd