• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দলীয় সমাবেশত পদপিষ্ট হৈ মৃত্যু হোৱাসকলৰ পৰিয়াললৈ ২০ লাখ টকাৰ সাহাৰ্যৰ ঘোষণা বিজয় থালাপথীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 28, 2025 4:04 pm
60
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৭ ছেপ্টেম্বৰত তামিনাডুৰ কাৰুৰত অনুষ্ঠিত দলীয় সমাৱেশৰ সময়ত পদপিষ্ট হৈ মৃত্যু হোৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ ২০ লাখ টকাৰ সাহাৰ্য ঘোষণা কৰিছে তামিলাগা ভেট্ৰি কাঝাগামৰ সভাপতি বিজয় থালাপথীয়ে।

দেওবাৰে ছ’চিয়েল মিডিয়াত এটা পোষ্টযোগে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি বিজয়ে কয় যে মৃতকৰ পৰিয়ালক ২০ লাখ টকা আৰু আঘাতপ্ৰাপ্ত লোকক ২ লাখ টকা প্ৰদান কৰা হ’ব।

Apply Now

বিজয়ে লিখে, ‘আপোনালোক যি ক্ষতিৰ সন্মুখীন হৈছে তাৰ বাবে এয়া বৃহৎ পৰিমাণৰ ধন নহয়। মই জানো আপোনালোকৰ লোকচানৰ ঋণ মই শুজিব নোৱাৰিম। ই এক অপূৰণীয় ক্ষতি। অৱশ্যে এই কঠিন সময়ত আপোনালোকৰ কাষত থিয় হৈ দুখৰ অংশীদাৰ হোৱাটো মোৰ কৰ্তব্য।’

বিজয়ে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে চিকিৎসাধীন হৈ থকাসকলক তেওঁৰ দলৰ লোকসকলে সকলো ধৰণৰ সহায় আগবঢ়াব বুলি আশ্বাস দিয়ে।

উল্লেখ্য যে, নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই থকা তামিল অভিনেতা বিজয়ে আয়োজন কৰা সমাৱেশত শনিবাৰে হোৱা বিশৃংখলৰ ফলত কমেও ৩৯ জন লোক নিহত হোৱাৰ লগতে ৫০ জনৰো অধিক আহত হয় বুলি তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

ইয়াৰ পূৰ্বে ৰাজ্যখনৰ সাংসদ সেনথিল বালাজীয়ে সাংবাদিকৰ আগত কয় যে ৫৮ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

তিনি দশক ধৰি তামিল চিনেমাৰ অন্যতম উল্লেখযোগ্য অভিনেতা বিজয়ে ২০২৪ চনত তামিলনাডুৰ শাসকীয় দল ডি এম কে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰতীয় জনতা পাৰ্টি দুয়োটাকে লক্ষ্য কৰি নিজৰ ৰাজনৈতিক দল তামিলাগা ভেট্ৰি কাঝাগম আৰম্ভ কৰিছে।

২০২৬ চনৰ আৰম্ভণিতে অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক নিৰ্বাচনৰ পূৰ্বেই তেওঁ প্ৰচাৰ ইতিমধ্যে আৰম্ভ কৰিছে।

ৰেলীৰ সময়ত দেখা গৈছে যে বিজয়ে গাড়ীৰ ওপৰৰ পৰা পানীৰ বটল অচেতন হৈ পৰা সমৰ্থকলৈ দলিয়াই দিছিল আৰু ভিৰ নিয়ন্ত্ৰণহীন হৈ পৰাত আৰক্ষীৰ সহায়ৰ আহ্বান জনাইছিল।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নিকটৱৰ্তী জিলা তিৰুচিৰাপল্লী আৰু চেলেমৰ পৰা কমেও ৪৪ গৰাকী চিকিৎসকক কাৰুৰলৈ প্ৰেৰণ কৰা হৈছে।

ইপিনে তামিলনাডু চৰকাৰে এই সমগ্ৰ ঘটনাৰ তদন্ত কৰি চৰকাৰক প্রতিবেদন দাখিল কৰিবলৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অৰুণা জগদীশনৰ নেতৃত্বত এখন সমিতি গঠন কৰি দিছে।

স্মৰ্তব্য যে, বিজয়ৰ সমাৱেশত এইধৰণৰ ঘটনা এইটোৱেই প্ৰথম নহয়। যোৱা বছৰৰ অক্টোবৰ মাহত বিজয়ৰ ৰাজনৈতিক দলৰ প্ৰথমখন সমাবেশৰ পাছত সংবাদ মাধ্যমে কমেও ৬ জনৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

তিনি বছৰৰো অধিক সাংবাদিকতাৰ অভিজ্ঞতা থকা অঞ্জুমান ভৰদ্বাজে বৰ্তমান 'নৰ্থইষ্ট নাও'ৰ অসমীয়া সংস্কৰণৰ কপি সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উত্তৰ-পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি, পৰিবেশ, ক্ৰীড়া আৰু স্বাস্থ্য সম্পৰ্কীয় বিষয়ত তেওঁৰ বিশেষ আগ্ৰহ আছে। ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে ভৰদ্বাজে ২০২৫-২৬ বৰ্ষৰ 'ৰীচ্চ মিডিয়া ফেল’শ্বিপো' (REACH Media Fellowship) লাভ কৰিছে। [email protected]

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 28, 2026 9:15 am
ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

June 28, 2026 9:02 am
মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

June 28, 2026 8:10 am
মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

June 28, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 28, 2026 9:15 am
ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

June 28, 2026 9:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd