NORTHEAST NOW (Assamese)

শদিয়াত গৰুৰ বিষাক্ত মৃতদেহ ভক্ষণ কৰি মৃত্যু ২০ টা শগুণৰ : অন্য ৮ টা অসুস্থ

February 9, 2021 2:04 pm · অভীক চক্ৰৱৰ্তী
Updated: February 9, 2021 2:10 pm

তিনিচুকীয়া জিলাৰ শদিয়াত গৰুৰ বিষাক্ত মৃতদেহ ভক্ষণ কৰি ২০ টাকৈ শগুণৰ মৃত্যু হোৱাৰ লগতে অন্য ৮ টা শগুণ অসুস্থ হৈ পৰিছে।

তিনিকুচীয়া জিলাৰ শদিয়া মহকুমাৰ কবিবাগানৰ ঘোঁৰামৰাৰ পথাৰত স্থানীয় লোকে ২৮ টা শগুণ অসুস্থ অৱস্থাত পৰি থকা দেখা পায় ততাতৈয়াকৈ বন বিভাগক খবৰ দিয়ে।

খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ ২৮ টাৰ ভিতৰত ২০ টা শগুণৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ লগতে অন্য ৮ টা শগুণ অসুস্থ অৱস্থাত উদ্ধাৰ কৰে।

অসুস্থ ৮ টা শগুণক চিকিৎসা আৰু মৃত শগুণবোৰৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰে বন বিভাগে।

স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি কুকুৰ হত্যা কৰিবলৈ স্থানীয় লোকে গৰুৰ মৃতদেহত বিহ ঢালি থৈছিল আৰু সেই বিষাক্ত মৃতদেহ ভক্ষণ কৰাৰ ফলতে শগুণবোৰৰ মৃত্যু হৈছে।

স্মৰ্তব্য যে কিছুদিনৰ পূৰ্বে তিনিচুকীয়া জিলাৰ ধলাতো দুটা গৰুৰ বিষাক্ত মৃতদেহ ভক্ষণ কৰাৰ ফলত ২৩ টাকৈ শগুণৰ মৃত্যু হৈছিল।

Related News