বিৰাট কোহলিয়ে পুনৰ নেতৃত্বৰ দায়িত্ব লোৱাৰ পাছতে পৰাজয়ৰ মুখত পৰিল ভাৰত। চেন্নাইত অনুষ্ঠিত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত একপ্ৰকাৰ আত্মসমৰ্পন কৰিবলৈ বাধ্য হ’ল টীম ইণ্ডিয়া।
ছিৰিজৰ প্ৰথমখন টেষ্টত ২২৭ ৰাণত বিজয় সাৱ্যস্ত কৰি ইংলেণ্ডে চাৰিখন টেষ্টৰ ছিৰিজটোত ১-০ব্যৱধানত আগবাঢ়ি থাকিল। এই পৰাজয়ৰ পাছত ভাৰতৰ বাবে আইচিচি ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰাটো কঠিন হৈ পৰিল।
মঙলবাৰে দুপৰীয়া জোফ্ৰা আৰ্চাৰৰ বলত যশপ্ৰীত বুমৰাহ আউট হোৱাৰ পাছতে ভাৰতীয় ইনিংছৰ সমাপ্তি ঘটে।
৪২০ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে দ্বিতীয় ইনিংছ ১৯২ৰাণতে সামৰে। ভাৰতৰ মাত্ৰ পাঁচগৰাকী বেটছমেনে দুটা অংকৰ ৰাণ সংখ্যা স্পৰ্শ কৰিবলৈ সক্ষম হয়।
অধিনায়ক বিৰাট কোহলিয়ে সৰ্বোচ্চ ৭২ৰাণ কৰে। আনহাতে তৰুণ অপেনিং বেটছমেন শুভমন গীলে ৫০ ৰাণ কৰি আউট হয়।
প্ৰথম ইনিংছত ইংলেণ্ডৰ ৫৭৮ৰাণ বিপৰীতে ভাৰতে ৩৩৭ ৰাণ কৰে। দ্বিতীয় ইনিংছত ভাৰতীয় বলাৰসকলে ইংলেণ্ডৰ বেটছমেনসকলক ১৭৮ৰাণতে বান্ধি ৰাখিবলৈ সক্ষম হয়।
কিন্তু প্ৰথম ইনিংছৰ ২৪১ ৰাণৰ অগ্ৰগতিৰ বাবে ইংলেণ্ডে ভাৰতৰ সন্মুখত ৪২০ৰাণৰ লক্ষ্য বান্ধি দিয়ে।
এই বৃহৎ লক্ষ্য অনুসৰণ কৰি সোমবাৰে দিনটোৰ শেষলৈ ভাৰতে ৰোহিত শৰ্মাৰ উইকেটটো হেৰুৱাই ৩৯ ৰাণ কৰে। কিন্তু মঙলবাৰে ইংলেণ্ডৰ বলাৰসকলে ভাৰতৰ বেটছমেনসকলক মূৰ দাঙি উঠিবলৈ সুযোগেই নিদিলে।
বাওঁহতীয়া স্পিনাৰ জেক লিচে ৭৬ৰাণৰ বিনিময়ত ৪টা উইকেট দখল কৰে। আনহাতে, মাত্ৰ ১৭ ৰাণ দি ৩টা উইকেট দখল কৰে জিমি এণ্ডাৰছনে।
প্ৰথম ইনিংছত ২১৮ৰাণৰ মৰাথন ইনিংছ খেলা জো ৰুটে মেন অফ দ্য মেচৰ সন্মান লাভ কৰে। অহা ১৩ ফেব্ৰুৱাৰিত দ্বিতীয়খন টেষ্ট আৰম্ভ হ’ব।