NORTHEAST NOW (Assamese)

সকলো ক্ষোভ, সকলো প্ৰতিবাদ পানীত পৰিল! জামিন লাভ কৰিলে আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ দুই অভিযুক্তই

December 13, 2024 6:31 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

আৰ জি কৰ গোচৰত জামিন লাভ কৰিলে সন্দীপ ঘোষে। লগতে জামিন লাভ কৰিলে অভিজিৎ মণ্ডলে।

সন্দীপ ঘোষ আৰু অভিজিৎ মণ্ডলে ২০০০ টকাৰ বণ্ডত জামিন লাভ কৰে। এই গোচৰত এতিয়ালৈকে চিবিআইয়ে অভিযোগনামা দাখিল কৰিব নোৱাৰাৰ বাবে শুকুৰবাৰে দুই অভিযুক্তই জামিন লাভ কৰে।

যোৱা আগষ্ট মাহত আৰ জি কাৰ হাস্পতালত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীক হত্যা আৰু ধৰ্ষণৰ গোচৰত তেওঁলোকৰ বিৰুদ্ধে প্ৰমাণ হেৰুৱাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছিল। একে সময়তে সন্দীপ ঘোষৰ বিৰুদ্ধে চিকিৎসালয়ত আৰ্থিক দুৰ্নীতিৰ গোচৰ ৰুজু হৈছিল।

অৱশ্যে আৰ জি কৰ গোচৰত সন্দীপ ঘোষে জামিন লাভ কৰিলেও এতিয়া মুক্তি পোৱা নাই। অৱশ্যে অভিজিৎ মণ্ডলে মুক্তি লাভ কৰিছে।

যোৱা ৯ আগষ্টত আৰ জি কৰ হাস্পতালৰ চেমিনাৰ হলৰ পৰা এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সমগ্ৰ দেশত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। ঘটনাৰ লগত জড়িত এজন লোকক গ্ৰেপ্তাৰ কৰা হয়। তাৰ পিছত সন্দীপ ঘোষ আৰু অভিজিৎ মণ্ডলক ১৪ ছেপ্টেম্বৰত প্ৰমাণৰ মচি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। পিছত চিবিআইয়ে চিকিৎসালয়খনৰ আৰ্থিক দুৰ্নীতিৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক গ্ৰেপ্তাৰ কৰে।

সন্দীপ ঘোষ আৰু অভিজিৎ মণ্ডলৰ জামিনৰ পিছত এই প্ৰশ্নৰ উত্থাপন হয় যে চিবিআইয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত কিয় অভিযোগনামা দাখিল কৰিব নোৱাৰিলে। গ্ৰেপ্তাৰৰ ৯০ দিনৰ পিছত আজি আদালতত চিবিআইয়ে কয় যে আৰ জি কৰ হাস্পতালত ধৰ্ষণ আৰু হত্যাৰ গোচৰত পৰিপূৰক অভিযোগনামা সম্পূৰ্ণ হোৱা নাই। যাৰ বাবে দুই অভিযুক্তই জামিন লাভ কৰে।

Related News