NORTHEAST NOW (Assamese)

ল’কডাউন; ফেইচবুকত প্ৰচাৰিত এক ভিডিঅ’ যোগে অসমৰ দুটি শিশুৱে লাভ কৰিছে ৰাষ্ট্ৰজোৰা খ্যাতি

April 15, 2020 4:08 pm · এন ই নাও নিউজ

অসমৰ দুটি শিশুৰ এটি অভিনৱ ভিডিঅ’এ ৰাষ্ট্ৰীয়জোৰা প্ৰচাৰৰ লগতে খ্যাতি লাভ কৰিছে।

ইমানেই নহয় ভিডিঅ’টোৱে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমটো চৰ্চা লাভ কৰা দেখা গৈছে।

দেশজোৰা ল’কডাউনৰ ফলত ঘৰতে আৱদ্ধ হৈ পৰা দুটি শিশুৱে এটা অভিনৱ কনচেপ্টেৰে এটা ভিডিঅ’ কৰি সামাজিক মাধ্যম ফেইচবুকত শ্বেয়াৰ কৰিছিল। ইয়াৰ পাছতে উক্ত ভিডিঅ’টো সমগ্ৰ দেশজুৰি ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত ছোৱালীজনীয়ে ডিব্ৰুগড় আঁনাতাৰ কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰিত হেমন্ত দত্তৰ ৰচিত আৰু নাছৰিণ হালিমে কণ্ঠদান কৰা ‘এই হাঁহি ভাল লাগে, কিয় জানো ভাল লাগে’ শীৰ্ষক জনপ্ৰিয় গীতটো পৰিৱেশন কৰিছে।

তাইক গীতটোত কাৰ্ডব’ৰ্ড আৰু বাঁহেৰে নিৰ্মিত বাদ্যযন্ত্ৰৰে এটি শিশুৱে বাদ্য সংগত কৰা দেখা গৈছে।

ভাইৰেল হৈ পৰা এই অভিনৱ ভিডিঅ’টোৰ সন্দৰ্ভত দ্য ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰশংসা কৰি বাতৰি প্ৰকাশ কৰিছে।

Related News