নতুন দিল্লীত সদ্য অনুষ্ঠিত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ দ্বাৰা আয়োজিত সপ্তম নদী উৎসৱ তথ্যচিত্ৰ চলচ্চিত্ৰ উৎসৱৰ তথ্যচিত্ৰ শিতানত অসমৰ তথ্যচিত্ৰ ‘নৈৰ কথা – টেলছ অব্ দ্য ৰিভাৰাইন’ই লাভ কৰিলে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান।
অসমৰ আন এখন তথ্যচিত্ৰ বিশ্বজিত দাসৰ আমাৰ ইয়াতো এখন নদী আছিলেও যুটীয়াভাৱে অৰ্জন কৰে শ্ৰেষ্ঠত্বৰ খিতাপ।
‘নৈৰ কথা – টেলছ অব্ দ্য ৰিভাৰাইন’ তথ্যচিত্ৰখনৰ পৰিচালনা আৰু প্ৰযোজনা লেখক, গল্পকাৰ দেৱাংগ পল্লৱ শইকীয়াৰ। কাৰ্যবাহী প্ৰযোজক ডাঃ জয়শংকৰ দাস আৰু সংগীত ৰূপম ভূঞা আৰু ৰাকেশ বড়োৰ।
ছবিখনৰ চিনেমাট’গ্ৰাফী ভাস্কৰজ্যোতি বৰা আৰু সহকাৰী পৰিচালনা ইন্দ্ৰনীল গায়ন আৰু ভাস্কৰজ্যোতি বৰাৰ। সম্পাদনা শুভ্ৰজিত দাস আৰু আলটাব আলী আৰু গৱেষণা আই আই টি খড়গপুৰৰ গৱেষক পাৰ্থপ্ৰতিম শইকীয়াৰ।
মাজুলীৰ নৈপৰীয়া জীৱন আধাৰিত ‘নৈৰ কথা’ তথ্যচিত্ৰখনিৰ প্ৰযোজনা আৰু পৰিচালনা দেৱাংগ পল্লৱ শইকীয়াৰ। মাজুলীৰ নদীকেন্দ্ৰিক জীৱন, নদীৰ সৈতে মানুহৰ সম্পৰ্ক আৰু বৰলুইতৰ প্ৰভাৱক কেন্দ্ৰ কৰি নিৰ্মিত তথ্যচিত্ৰখনখনে অসমৰ নদী, সংস্কৃতি আৰু নৈপৰীয়া সমাজজীৱনৰ গুৰুত্বপূৰ্ণ তথা সংবেদনশীল ছবিক তুলি ধৰিছে।
মাজুলীৰ নৈপৰীয়া জীৱন আৰু বৰলুইতক বিষয় হিচাপে লৈ নিৰ্মাণ কৰা ‘নৈৰ কথা… টেলছ অব্ দ্য ৰিভাৰৰাইন’ দেৱাংগ পল্লৱ শইকীয়াৰ প্ৰথমখন তথ্যচিত্ৰ।
উল্লেখ্য যে, নদী উৎসৱত ৰাণাৰ্ছ আপ হোৱা আন দুখন তথ্যচিত্ৰও অসমৰ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ তথ্যচিত্ৰ মহোৎসৱ ‘নদী উৎসৱ’ত অসমৰ তথ্যচিত্রই লাভ কৰা এই সন্মানে অসমৰ সৃষ্টিশীল জগতলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে তথ্যচিত্ৰ নিৰ্মাতাসকলৰ বাবে কঢ়িয়াইছে আশাৰ বতৰা।
শুকুৰবাৰে নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰত প্ৰদৰ্শিত হয় ‘নৈৰ কথা – টেলছ অব্ দ্য ৰিভাৰাইন’কে ধৰি অসমৰ আনকেইখন তথ্যচিত্ৰ।



