দেশজোৰা “দুই সন্তান নীতি”ক লৈ কেন্দ্ৰক জাননী

বিজেপি নেতা অশ্বিনী উপাধ্যায়ৰ ৰাজহুৱা স্বাৰ্থৰ আৱেদন গ্ৰহণ ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ

Two child policy: SC accepts PIL, seeks Centre's response

ভাৰতৰ উচ্চতম ন্যায়ালয়ে দেশজুৰি “দুই সন্তান নীতি” বলৱৎকৰণৰ বাবে জনোৱা এক ৰাজহুৱা স্বাৰ্থজৰিত আৱেদন শুকুৰবাৰে গ্ৰহণ কৰিছে আৰু কেন্দ্ৰক জাননী জাৰি কৰিছে।

চাৰি সপ্তাহৰ ভিতৰত আৱেদনখন সন্দৰ্ভত নিজৰ স্থিতি জনোৱাৰ বাবে মুখ্য ন্যায়াধীশ এছ এ ববদেই কেন্দ্ৰক নিৰ্দেশ দিছে।

ভাৰতৰ “জনসংখ্যা বিস্ফোৰণ নিয়ন্ত্ৰণ কৰা”ৰ বাবে দুই সন্তান নীতি গ্ৰহণ কৰিব লাগে বুলি বিজেপি নেতা অশ্বিনী উপাধ্যায়ে আৱেদনখন দাখিল কৰিছে।

অসমৰ সোণোৱাল কেবিনেটে ২০১৮ চনৰ ২১ অক্টোবৰত দুটাতকৈ অধিক সন্তান থকা লোকক চৰকাৰী চাকৰিৰ আৱেদন কৰিবলৈ দিয়া নহ’ব বুলি এক সিদ্ধান্ত গ্ৰহণ কৰিছিল।

এই নীতি ২০২১ চনৰ ১ জানুৱাৰিৰ পৰা কাৰ্য্যকৰী হোৱাৰ কথা আছিল।

আনহাতে ২০১৮ চনৰ ১৫ মাৰ্চত অসম বিধান সভাত গৃহীত হোৱা অসম পঞ্চায়ত (সংশোধনী) বিধেয়ক ২০১৮ অনুসৰি দুটাতকৈ অধিক সন্তানৰ পিতৃ-মাতৃয়ে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব।

এ আই ইউ ডি এফ নেতা বদৰুদ্দিন আজমলে চৰকাৰী সিদ্ধান্তৰ বিপৰীতে “যিমান পাৰি সন্তান জন্ম দিয়া”ৰ আহ্বান জনাইছিল আৰু “ইছলাম”ৰ দোহাই দিছিল।

বিৰোধী কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই দুই সন্তানৰ নীতি “গণতান্ত্ৰিক ৰাষ্ট্ৰ”ত প্ৰয়োগ কৰিব নোৱাৰি বুলি মন্তব্য কৰি জনসংখ্যা নিয়ন্ত্ৰণত জনসজাগতা বৃদ্ধিৰ ওপৰত জোৰ দিছিল।

“আমি শিক্ষাৰ ব্যাপক প্ৰসাৰ তথা সজাগতা বৃদ্ধি কৰিব লাগিব যাতে সকলোৱে স্বতঃস্ফূৰ্তভাৱে দুটা সন্তানৰ নীতি গ্ৰহণ কৰে,” বৰাই কৈছিল।

আনহাতে, ২০১৭ চনৰ ছেপ্তেম্বৰত অসম বিধান সভাই “অসমৰ জনসংখ্যা নীতি আৰু মহিলা সবলীকৰণ নীতি” গ্ৰহণ কৰিছিল।

সেই অনুসৰি দুটাতকৈ অধিক সন্তানৰ লোকে চাকৰিত আবেদন কৰিব নোৱাৰে আৰু চাকৰি কৰি থকা লোকসকলেও এই নীতি মানি চলিব লাগে।