NORTHEAST NOW (Assamese)

উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী মুখ্য মন্ত্ৰীয়ে দেখুৱালে জাতি-মাটি-ভেটি ৰক্ষাৰ দায়বদ্ধতা

February 12, 2019 11:43 am · এন ই নাও নিউজ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতা কৰি উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী মুখ্য মন্ত্ৰী অৰুণাচল প্ৰদেশৰ পেমা খাণ্ডু আৰু মণিপুৰৰ এন বীৰেন সিঙে সোমবাৰে গৃহ মন্ত্ৰী ৰাজনাথ সিঙক ৰাজ্যসভাত বিধেয়ক গৃহীত নোহোৱাটো নিশ্চিত কৰিবলৈ আহ্বান জনাইছে।

উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য মন্ত্ৰীসকলৰ সৈতে প্ৰায় আধা ঘন্টা ধৰি অনুষ্ঠিত হোৱা বৈঠকত মুখ্য মন্ত্ৰী দুগৰাকীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰীক উত্তৰ-পূৰ্বাঞ্চলত চলি থকা অস্থিৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰে।

তেওঁলোকে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা নিৰ্যাতনৰ বলি হৈ অহা অ-মুছলমান লোকক ভাৰতীয় নাগৰিকত্ব দিব বিচৰা বিধেয়কখনৰ বিৰুদ্ধে উত্তৰ-পূৰ্বাঞ্চলত অব্যাহত থকা প্ৰতিবাদ সম্পৰ্কেও গৃহ মন্ত্ৰীৰ আগত উদ্বিগ্নতা প্ৰকাশ কৰে।

মুখ্য মন্ত্ৰী দুগৰাকীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীক উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণে পতিয়ন যোৱাৰ আগতে তথা তেওঁলোকৰ সাংস্কৃতিক তথা ভাষিক পৰিচয় সুৰক্ষিত কৰাৰ আগেয়ে নাগৰিকত্ব বিধেয়কখন গৃহীত নকৰিবলৈ আহ্বান জনাইছে।

জানিব পৰা মতে, গৃহ মন্ত্ৰী গৰাকীয়ে তেওঁলোকক চিন্তিত নহ’বলৈ কৈ উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকৰ অধিকাৰ কোনো কাৰণতে বিঘ্নিত নহয় বুলি আশ্বাস দিয়ে।

উল্লেখযোগ্য যে ভাৰতীয় নাগৰিকত্ব লাভৰ ক্ষেত্ৰত বিধেয়কখনে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা নিৰ্যাতিত হৈ অহা হিন্দু, জৈন, খ্ৰীষ্টান, শিখ, বৌদ্ধ আৰু পাৰ্চী লোকক ভাৰতত পূৰ্বতে থকা ১২ বছৰৰ পৰিৱৰ্তে ৭ বছৰ ভাৰতত বসবাস কৰিলেই কোনো নথিপত্ৰ নাথাকিলেও নাগৰিকত্ব প্ৰদানৰ সুবিধা দিব।

ইপিনে, বিধেয়কখনে এইদৰে ভাৰতলৈ ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত অহা অ-মুছলমান লোকসকলক নাগৰিকত্ব দিব বিচৰা কাৰ্যৰ বিৰোধিতা কৰিছে বিভিন্ন ৰাজনৈতিক দল-সংগঠনে। তদুপৰি, ই অসম চুক্তিৰ ১৯৭১ চনৰ সময়সীমাকো উলংঘা কৰিব।

অসম চুক্তি অনুসৰি  ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত অহা  জাতি-ধৰ্ম নিৰ্বিশেষে সকলো অবৈধ অনুপ্ৰৱেশকাৰীকে বহিষ্কাৰ কৰিব লাগে যিটো বিধেয়কখনে উলংঘা কৰিব।

Related News