• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

বিজ্ঞানমনস্কতা আৰু “ইলোৰা বিজ্ঞান মঞ্চ”ৰ দুটি দশক 

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
May 16, 2023 6:25 pm
40
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এখন দেশ, ৰাজ্য বা এটি জাতিৰ সৰ্বাংগীণ উন্নয়নৰ ক্ষেত্ৰত বিজ্ঞানমনস্কতা কিমান জৰুৰী, তাক ন-কৈ কোৱাৰ নিশ্চয় কোনো ভনিতা নাই। বিজ্ঞানমনস্কতা, কু-সংস্কাৰ, অন্ধবিশ্বাস-আদিবোৰ অপব্যাধি সমাজৰ পৰা নোহোৱা নহ’লে এখন সমাজৰ উন্নয়নৰ প্ৰক্ৰিয়াও একেবাৰেই শ্লথ বা স্থবিৰ হৈ পৰে। যি কোনো দিশতেই উপযোগী নহয়। এক কথাত ক’বলৈ গ’লে মূলতঃ এক সমাজ-সংস্কাৰমুখী তথা সচেতনতামূলক প্ৰক্ৰিয়া আৰম্ভ কৰে বিজ্ঞানমনস্কতাই।

“ইলোৰা বিজ্ঞান মঞ্চ” এই নামটি নুশুনা মানুহ হয়তো বৰ্তমান সময়ত অসমত খুব কমেইহে আছে। বিজ্ঞানমনস্কতাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ লগতে অন্ধবিশ্বাস, কু-সংস্কাৰ ৰোধ কৰাৰ ক্ষেত্ৰত অসমত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহা ইলোৰা বিজ্ঞান মঞ্চ এটি বেচৰকাৰী সংগঠন। গত ১৯টি বৰ্ষত ইলোৰা বিজ্ঞান মঞ্চই অসমৰ চুকে-কোণে, চহৰে-নগৰে, গাঁৱে ভূঁইয়ে যিমানবোৰ সজাগতামূলক কাৰ্যসূচী হাতত লৈছে তাৰ সীমা-সংখ্যা নাই। এই ইলোৰা বিজ্ঞান মঞ্চই অহৰ্নিশে কৰি অহা এনেবোৰ কৰ্ই এতিয়া ২০ সংখ্যক বৰ্ষত ভৰি দিলে ১৫ মে’ ২০২৩ তাৰিখে। ৰাজ্য, জাতি আৰু জনগণৰ বাবে বিজ্ঞানমনস্কতাৰে নিৰৱচ্ছিন্নভাৱে কাম কৰি অহা ইলোৰা বিজ্ঞান মঞ্চৰ বিষয়েই আজিৰ এই লিখাটি।

ইলোৰা বিজ্ঞান মঞ্চ প্ৰতিষ্ঠা হৈছিল ২০০৪ চনৰ ১৫ মে’ তাৰিখে। এবছৰৰ পূৰ্বে অৰ্থাৎ ২০০৩ চনৰ এই দিনটোতে অসম তথা উত্তৰ-পূৰ্ব্বাঞ্চলৰ প্ৰথমগৰাকী মৰণোত্তৰভাৱে দেহদান কৰা বিজ্ঞানমনস্ক নাৰী ইলোৰা ৰায়চৌধুৰীৰ মৃত্যু ঘটিছিলে। ইলোৰা ৰায়চৌধুৰীৰ মৃত্যু কম বয়সতেই (৩৪বছৰ) হৈছিল। সেই সাধাৰণ হৈয়ো মহান তথা দূৰদৃষ্টিসম্পন্ন বিদূষী নাৰীগৰাকীৰ নামেৰেই এই মঞ্চৰ প্ৰতিষ্ঠা কৰা হৈছিল পৰৱৰ্তী পৰ্যায়ত বিজ্ঞানমনস্কতাৰ সুদূৰপ্ৰসাৰী যাত্ৰাত কিছু অৰিহণা যোগাই, অসমকো উত্তৰণৰ বাটত আগুৱাই নিয়াৰ উদ্দেশ্যৰেই। আৰু এই যাত্ৰা আজিকোপতি অব্যাহত আছে। ইলোৰা ৰায়চৌধুৰীয়ে নিজ দেহ আৰু নেত্ৰদানৰ জড়িয়তে মানৱ-কল্যাণৰ লগতেই চিকিৎসা-বিজ্ঞানৰ ক্ষেত্ৰখনলৈয়ো নিজ অৰিহণা আগবঢ়াই এক চানেকি ৰচনা কৰি গৈছে। তেওঁ‌ নিজেও, সমাজৰ বিভিন্ন ব্যাধি-কু-সংস্কাৰ— যেনে ডাইনী হত্যা আদিৰ বিৰুদ্ধে মাত মাতিছিল আৰু নিজেও প্ৰত্যক্ষভাৱে এনে কাৰ্যকলাপৰ বিৰুদ্ধে সৰৱ স্থিতি গ্ৰহণ কৰিছিল। লগতে, তেওঁ ওচৰ-পাজৰৰ বহু নাৰীকো বিনামূলীয়াকৈ শিক্ষাদানো কৰিছিল। তাকো নিজ পেছাগত কৰ্মক্ষেত্ৰৰ পৰা আহি গধূলিৰ বেলিকা। এইখিনি নিজ সদিচ্ছা আৰু ঐকান্তিক মনোভাৱ নেথাকিলে সম্ভৱপৰ হৈ নুঠে। ইলোৰা ৰায়চৌধুৰীৰ প্ৰথম মৃত্যুবাৰ্ষিকী (১৫ মে’ ২০০৪)ত অনুষ্ঠিত এখনি গাম্ভীৰ্যপূৰ্ণ সভাত বহু বিশিষ্ট লোক(বিজ্ঞানমনস্ক লোক)ৰ উপস্থিতিত তেওঁৰ নামেৰেই নামাংকৃত কৰি-“ইলোৰা বিজ্ঞান মঞ্চ” সংগঠনটিৰ জন্ম দিয়া হৈছিল।  

Apply Now

তেওঁৰ জীৱনাদৰ্শৰ লগত সংগতি ৰাখি ইলোৰা বিজ্ঞান মঞ্চই এতিয়াও ডাইনী হত্যা, সামাজিক কু-সংস্কাৰৰ বিৰুদ্ধে মাত মতাৰ লগতেই অন্যান্য বহু কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। তদুপৰি স্বাস্থ্য সজাগতা আৰু ৰক্তদান, নেত্ৰদান, দেহৰ ভিন্ন অংগ দানৰ লগতেই সম্পূৰ্ণ দেহদানৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰতো কাম কৰি আছে। এতিয়া পৰ্যন্ত বহুসংখ্যক লোকে ইলোৰা বিজ্ঞান মঞ্চৰ মাধ্যমেৰে নেত্ৰদান, ৰক্তদান আৰু মৰণোত্তৰ দেহদানৰ প্ৰক্ৰিয়া সম্পন্ন কৰিছে। ডাইনী বিশ্বাসৰ দৰে অন্ধবিশ্বাস আৰু অপ-সংস্কৃতি, যি এখন সুস্থ সমাজৰ বাবে অপকাৰী, ভুৱা বা ভণ্ড কবিৰাজ, জ্যোতিষী আৰু জ্যোতিষ-শাস্ত্ৰ, বাস্তু-শাস্ত্ৰ, ভণ্ড বাবা-ফকীৰ, তাবিজ-মাদুলি, বেজ-বেজালি আদি ঠগ-প্ৰবঞ্চনাৰ বিৰুদ্ধেও ৰাইজৰ মাজত সজাগতা আৰু সচেতনতা সৃষ্টিৰ বাবে বিজ্ঞান মঞ্চই একেধৰণৰ চিন্তাধাৰাৰ সংগঠনসমূহৰ সৈতে যৌথভাৱেও বহুতো কাম-কাজ কৰি আহিছে। জলবায়ুৰ পৰিৱৰ্তন তথা পৰিৱেশতন্ত্ৰৰ সংৰক্ষণৰ দিশতো কাম কৰি আছে মঞ্চই। নিখিল ভাৰত জনবিজ্ঞান সংস্থাৰো অন্যতম অংশীদাৰী সংগঠন হ’ল ইলোৰা বিজ্ঞান মঞ্চ। আৰু এই সংস্থাৰ লগতো সন্মিলিতভাৱে বহু এনে কাৰ্যসূচী চলাই নি আছে ইলোৰা বিজ্ঞান মঞ্চই।

হেমকোষ প্ৰণেতা, অসমীয়া ভাষা-সাহিত্যৰ জনক, নাৰী অধিকাৰৰ সম্পৰ্কে সদা-সৰৱ, উনবিংশ শতিকাৰ কোষ্ঠবদ্ধ সমাজ-ব্যৱস্থাতো অন্ধবিশ্বাস, কু-সংস্কাৰ, ধৰ্মান্ধতাৰ বিৰুদ্ধাচৰণ কৰা হেমচন্দ্ৰ বৰুৱাদেৱক ইলোৰা বিজ্ঞান মঞ্চই বিশেষ মৰ্যাদা প্ৰদান কৰে। প্ৰাচীন প্ৰচলিত সভ্যতা-সংস্কৃতি আৰু জনবিশ্বাস, ধৰ্মবিশ্বাসক তেওঁ‌ যুক্তিৰ তুলাচনীত জুখিছিলে। তেওঁ‌ৰ এই আধুনিক জীৱনাদৰ্শক অসমৰ চুকে-কোণে বিয়পোৱাৰ উদ্দেশ্যৰেই বিভিন্ন অনুষ্ঠানৰো আয়োজন কৰি আহিছে। লগতে ইলোৰা বিজ্ঞান মঞ্চৰ এই আদৰ্শ পুৰুষ হেমচন্দ্ৰ বৰুৱাৰ জন্মদিন ১০ ডিচেম্বৰ দিনটো,কু-সংস্কাৰ বিৰোধী দিৱসৰূপে উদযাপন কৰি আহিছে। ইলোৰা বিজ্ঞান মঞ্চই পাতনি মেলা এই বিজ্ঞানমনস্কতাৰ যুঁজখনৰ বাট সুচল নহয়, আৰু নাছিলো। যথেষ্ট অন্ধবিশ্বাস, কু-সংস্কাৰৰ গ্ৰাসত আছে এতিয়াও ৰাজ্যৰ অধিকাংশ জনগণ। লগতে, চৰম প্ৰতিক্ৰিয়াশীল, সাম্প্ৰদায়িক ধৰ্মীয় মৌলবাদী মানসিকতা বা এনে শক্তিসমূহ এক বৃহৎ প্ৰত্যাহ্বান স্বৰূপ এনে সংগঠনৰ বাবে। পিছে, কোনোবাইতো এই যাত্ৰা আগুৱাই নিবই লাগিব, কোনোবাইতো আঁ‌ত ধৰিবই লাগিব। পৃথিৱী চেপেটা নহৈ গোলাকাৰ বোলোতেও এসময়ত শাস্তিৰ সন্মুখীন হৈছিল। শিক্ষাদানৰ বাবে আগুৱাই যোৱা সাৱিত্ৰী বাই ফুলেৰ দেহলৈয়ো বোকা-গোবৰ নিক্ষেপ কৰিছিলে মানুহে। পিছে, এনে বহু বাটকটীয়াৰ প্ৰয়াসতেই আমাৰ আজিৰ পথ বা জীৱনযাত্ৰা ইমান সুচল। গতিকে, ইলোৰা বিজ্ঞান মঞ্চৰ দৰে চিন্তাধাৰা আৰু আদৰ্শৰে আগবঢ়া সংগঠনৰ আমাক নিতান্তই প্ৰয়োজন আছে।

বৰ্তমান সময়ৰ পিছে আশাব্যঞ্জক এখনি ছবি যে, ইতিমধ্যেই মৰণোত্তৰভাৱে দেহদান কৰি যোৱা বহু জনা-অজানা ব্যক্তিৰ লগতেই বৰ্তমান পৰ্যন্ত ১৮৯ জন ব্যক্তিৰ অন্তিম ইচ্ছা সম্পূৰ্ণ কৰাৰ প্ৰক্ৰিতা অসমৰ বিভিন্ন স্থানৰ মেডিকেল কলেজসমূহত ইলোৰা বিজ্ঞান মঞ্চৰ মাধ্যমেৰে সম্পন্ন হৈছে। তদুপৰি বৰ্তমানলৈকে অসমত ২০০০ তকৈ অধিকসংখ্যক লোকে মৰণোত্তৰ দেহদানৰ পত্ৰত স্বাক্ষৰ কৰি এই প্ৰক্ৰিয়াৰ আনুষ্ঠানিকতাও সম্পন্ন কৰিছে। আৰু এই সংখ্যা বৃদ্ধি পায়েই আছে। ই এক আশাপ্ৰদ ছবি। মই নিজেই ব্যক্তিগতভাৱে ইলোৰা বিজ্ঞান মঞ্চৰ যোগেদি নিজ মৰণোত্তৰ দেহদানৰ আনুষ্ঠানিকতা সম্পন্ন কৰিছো। ইতিমধ্যে অসমৰ ভিন্ন স্থানত ইলোৰা বিজ্ঞান মঞ্চৰ ৫২ টাকৈ শাখা স্থাপিত হৈছে আৰু এই শাখাসমূহেও নিজ নিজ ক্ষেত্ৰত কাম-কাজ চলাই নি আছে। এই দুটি দশকৰ যাত্ৰাত উৎসাহ, উদগনিৰ লগতে বঁ‌টা-বাহনৰে স্বীকৃতিও পাইছে ইলোৰা বিজ্ঞান মঞ্চই। ইলোৰা বিজ্ঞান মঞ্চৰ এই যাত্ৰা অব্যাহত থাকক, এখন সুস্থ, সুন্দৰ কু-সংস্কাৰমুক্ত,বিজ্ঞানমনস্ক অসম গঢ়াৰ বাটত।

 

মেইল- [email protected]

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা! এবছৰেও সম্পূৰ্ণ নহ’ল জুবিনক্ষেত্ৰৰ নিৰ্মাণ, প্ৰশ্ন গৌৰৱ গগৈৰ

জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা! এবছৰেও সম্পূৰ্ণ নহ’ল জুবিনক্ষেত্ৰৰ নিৰ্মাণ, প্ৰশ্ন গৌৰৱ গগৈৰ

October 23, 2026 9:00 pm
সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

October 23, 2026 7:20 pm
বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ বদৰুদ্দিন আজমল! আকৌ আক্ৰমণ গৌৰৱ গগৈৰ

বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ বদৰুদ্দিন আজমল! আকৌ আক্ৰমণ গৌৰৱ গগৈৰ

October 23, 2026 5:17 pm
ভাল খবৰ! বিশ্বৰ তাৰকা খেলুৱৈ আকানে য়ামাগুচিক হৰুৱাই ফ্ৰেঞ্চ অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ অস্মিতা চলিহা

ভাল খবৰ! বিশ্বৰ তাৰকা খেলুৱৈ আকানে য়ামাগুচিক হৰুৱাই ফ্ৰেঞ্চ অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ অস্মিতা চলিহা

October 23, 2026 4:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা! এবছৰেও সম্পূৰ্ণ নহ’ল জুবিনক্ষেত্ৰৰ নিৰ্মাণ, প্ৰশ্ন গৌৰৱ গগৈৰ

জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা! এবছৰেও সম্পূৰ্ণ নহ’ল জুবিনক্ষেত্ৰৰ নিৰ্মাণ, প্ৰশ্ন গৌৰৱ গগৈৰ

October 23, 2026 9:00 pm
সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

October 23, 2026 7:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd