এসপ্তাহত দুবাৰকৈ আগ্নেয় উদগীৰণ ঘটিছে ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰিত। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ নিৰ্জন বেৰেন দ্বীপত ১৩ আৰু ২০ ছেপ্টেম্বৰত দুবাৰকৈ লাভা আৰু ধোঁৱা দেখা গৈছে।
যদিও এই উদগীৰণ বৃহৎ পৰিমাণৰ নাছিল তথাপি বিশেষজ্ঞ সকলে ইয়াক সহজভাবে লোৱা নাই। কাৰণ, দ্বীপটো এটা সক্ৰিয় ভূতাত্ত্বিক অঞ্চলত অৱস্থিত, য’ত যিকোনো সময়ত ডাঙৰ উদগীৰণৰ সৃষ্টি হ’ব পাৰে।
উল্লেখ্য যে বেৰেন দ্বীপত প্ৰথমটো উদগীৰণ হৈছিল ১৭৮৭ চনত। ২০৪ বছৰীয়া দীৰ্ঘদিনীয়া নিস্তব্ধতাৰ পিছত ১৯৯১ চনত আগ্নেয়গিৰিটো অতি শক্তিৰে সাৰ পাই উঠিছিল। ২০০৫, ২০১৭ আৰু ২০২২ চনত সৰু-বৰ উদগীৰণ হৈছিল। এই বছৰৰ ছেপ্টেম্বৰ মাহত হোৱা বিস্ফোৰণ সেই ধাৰাটোৰেই অংশ।
২০ ছেপ্টেম্বৰৰ উদগীৰণৰ মাত্ৰ দুদিন পূৰ্বে সেই অঞ্চলত ৪.২ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হৈছিল।
এই বিষয়ে ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ মুৰব্বী অ’ পি মিশ্ৰই কয় যে বেৰেন দ্বীপৰ তলত প্ৰায় ১৮-২০ কিলোমিটাৰ গভীৰতাত অৱস্থিত মেগমা চেম্বাৰত হোৱা ভূমিকম্পৰ ফলত এই লাভা নিৰ্গত হৈছে।
তেওঁ কয়, ‘ভূমিকম্পৰ কম্পনে মেগমা চেম্বাৰত চাপৰ সৃষ্টি কৰিছিল আৰু আগ্নেয়গিৰিটো পুনৰ উদগীৰণ ঘটাইছিল। সেয়েহে বিজ্ঞানীসকলে বিশ্বাস কৰে যে বেৰেন দ্বীপত ভূমিকম্প আৰু প্ৰতিটো উদগীৰণৰ মাজত এটা যোগসূত্ৰ বিচাৰি উলিওৱাটো গুৰুত্বপূৰ্ণ।
বেৰেন দ্বীপ হৈছে জনবসতিহীন, ইয়াত মাত্ৰ সামান্য পৰিমাণৰ গছ-গছনি আৰু বন্যপ্ৰাণী আছে। দ্বীপটোৰ আকাৰ প্ৰায় ৩.২ বৰ্গ কিলোমিটাৰ আৰু সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ২ কিলোমিটাৰ উচ্চতাত অৱস্থিত।





