সকলো কাণ্ডৰ মূলতে বাটাৰ চিকেন! আদালত পালেগৈ গোচৰ; কিন্তু কিয়?

প্ৰতিনিধিত্বমূলক ফটো।

বাটাৰ চিকেন কোনে উদ্ভাৱন কৰিছিল জানেনে? খোৱাৰ সময়ত সকলোৱে জিভা টোকালি খায়। কিন্তু এই দুৰ্দান্ত ৰেচিপিটো কোনে উদ্ভাৱন কৰিলে, তাক লৈ আদালতত এটা ডাঙৰ গোচৰ দাখিল কৰা হৈছে, জানেনে?

শেহতীয়াকৈ দিল্লীৰ দুখন আগশাৰীৰ ৰেষ্টুৰেণ্টৰ মাজত এই সন্দৰ্ভত বহু বাদ-বিবাদ আৰম্ভ হৈছে। দুয়োপক্ষই দাবী কৰে যে বাটাৰ চিকেন ৰেচিপি তেওঁলোকৰ উদ্ভাৱন। কেৱল বাটাৰ চিকেনে (Butter Chicken Lawsuit) নহয়, দাল মাখানী (Dal Makhani)ও। এই দুটা ৰেচিপি আৱিষ্কাৰৰ কৃতিত্ব কাৰ সেই লৈ দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছে। কিন্তু কিয়?

দিল্লীৰ দুখন বিখ্যাত ৰেষ্টুৰেণ্ট মতিমহল আৰু দৈৰাগঞ্জৰ মাজত বাটাৰ চিকেন আৰু দাল মাখানীৰ ক্ৰেডিটক লৈ মতানৈক্য চলে। আইনী যুদ্ধও চলি আছে। মতিমহল ৰেষ্টুৰেণ্টৰ দাবী যে ১৯৩০ চনত যেতিয়া কুন্দন লাল গুজৰালে পেছাৱৰত এই ৰেষ্টুৰেণ্টখনৰ প্ৰথমটো আউটলেট খুলিছিল তেতিয়াই তেওঁ বাটাৰ চিকেন (Butter Chicken Lawsuit)ৰ এই অভিনৱ ৰেচিপিটো বনাইছিল। দিল্লীত তেতিয়াও তেওঁলোকৰ আউটলেট খোলা নাছিল।

লগতে পঢ়কঃ ফৰাচী মহিলা সাংবাদিকলৈ জাননী জাৰি কৰিছে ভাৰত চৰকাৰে; ঘটনাটো কি?

দৈৰাগঞ্জ ৰেষ্টুৰেণ্টখনৰ বিৰুদ্ধে ২৫৭২ পৃষ্ঠাৰ চাৰ্জ শ্বীট দি দিল্লী আদালতত (দিল্লী উচ্চতম ন্যায়ালয়) গোচৰ ৰুজু কৰাৰ লগতে মতিমহলে ২৪ লাখ টকাৰ ক্ষতিপূৰণৰো দাবী জনাইছে।

মতিমহলৰ পৰিচালন সঞ্চালক মনীষ গুজৰালে কয়, ‘কাৰো ঐতিহ্য নিজৰ বুলি দাবী কৰিব নোৱাৰি। মোৰ আইতাই পাকিস্তানত থকাৰ সময়তে এই খাদ্য উদ্ভাৱন কৰিছিল।’

মতিমহলৰ ঐতিহ্য যথেষ্ট চহকী। আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰিচাৰ্ড নিক্সন আৰু ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱেও এই ৰেষ্টুৰেণ্টত ভোজন কৰা বুলি জনা যায়।

লগতে পঢ়কঃ ভংগ হ’ল ঋষভ পন্থৰ বিশ্ব অভিলেখ; বিশ্বকাপত ১৩ বলতে অৰ্দ্ধশতক কৰা কোন এই বেটছমেন?

আনহাতে, দৈৰাগঞ্জৰ দাবী যে কুন্দন লাল গুজৰাল আৰু কুন্দন লাল জাগীয়ে ১৯৪৭ চনত দিল্লীত এই দৈৰাগঞ্জ ৰেষ্টুৰেণ্টখন খুলিছিল আৰু এই ৰেচিপি (Butter Chicken Lawsuit) প্ৰথমতে তাতেই বনোৱা হৈছিল। আদালতত তেওঁলোকৰ বক্তব্যৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে সেই সময়ৰ এখন হাতে লিখা চুক্তিও দাখিল কৰিছে য’ত দুয়োজন ব্যক্তিৰ পাৰস্পৰিক সহযোগিতাৰ কথা স্পষ্ট।

তাণ্ডুৰী চিকেন টমেটো গ্ৰেভি, ক্ৰীম আৰু মাখনেৰে ৰন্ধা এই অতুলনীয় লোভনীয় বাটাৰ চিকেন (Butter Chicken Lawsuit)য়ে ‘টেষ্ট এটলাছ’ অনুসৰি বিশ্বৰ আটাইতকৈ সোৱাদযুক্ত খাদ্যৰ ভিতৰত ৪৩ নম্বৰ স্থান লাভ কৰিছে। এই ৰেচিপি ভাৰতৰ ভিতৰত দ্বিতীয় সুস্বাদু খাদ্য হিচাপে পৰিচিত।

লগতে পঢ়কঃ হায়দৰাবাদত দৰ্পচূৰ্ণ ৰোহিত বাহিনীৰঃ হাৰ্টলীৰ স্পিন ঘূৰ্ণীয়ে ইংলেণ্ডক দিলে আকাংক্ষিত জয়

দিল্লীৰ আদালতত দাখিল কৰা এই গোচৰৰ প্ৰথম শুনানি যোৱা সপ্তাহত অনুষ্ঠিত হৈছিল। পৰৱৰ্তী শুনানিৰ তাৰিখ ঘোষণা কৰা হৈছে মে’ মাহত।