• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এয়াৰ শ্ব’ৰ সময়ত মাজ আকাশতে সংঘৰ্ষ দুই যুঁজাৰু বিমানৰ; মুহূৰ্ততে ভাঙি পৰিল জেট বিমান, তাৰপিছত…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2026 8:39 am
189
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ আইডাহ’ত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। মাউণ্টেন হোম বায়ুসেনা ঘাটিত এক বৃহৎ বিমান প্ৰদৰ্শনৰ সময়ত সংঘৰ্ষ হয় দুখন আমেৰিকান যুদ্ধ বিমানৰ। সংঘৰ্ষৰ লগে লগে দুয়োখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। অৱশ্যে দুয়োখন বিমানৰ পাইলট সুৰক্ষিত বুলি কোৱা হৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে সমগ্ৰ বিমান ঘাটিটো বন্ধ কৰি দিয়া হয়।

সূত্ৰ অনুসৰি দেওবাৰে স্থানীয় সময় অনুসৰি নিশা প্ৰায় ১২:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। সেই সময়ত বিমান ঘাটিত চলি আছিল ‘গানফাইটাৰ স্কাই এয়াৰ শ্ব’। দুৰ্ঘটনাগ্ৰস্ত বিমান দুখন আছিল আমেৰিকাৰ নৌসেনাৰ উন্নত EA-18G Growler যুদ্ধ বিমান। খবৰ অনুসৰি বিমান ঘাটিৰ পৰা প্ৰায় দুই মাইল দূৰত বিমান দুখন দুৰ্ঘটনাগ্ৰস্ত হয়।

Apply Now

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত দুয়োখন বিমানৰ আকাশত সংঘৰ্ষ হোৱাৰ লগে লগে জুইৰ কুণ্ডলীত পৰিণত হয়। কিন্তু সংঘৰ্ষৰ লগে লগে দুয়োখন বিমানৰ পৰা পেৰাচুট লৈ চাৰিজন পাইলটক দেখা যায়। জনা গৈছে যে দুয়োখন বিমানৰ চাৰিওজন ক্ৰু মেম্বাৰে সময়মতে নিৰাপদে নামিবলৈ সক্ষম হৈছিল। আমেৰিকাৰ নৌসেনাই নিশ্চিত কৰিছে যে চাৰিওজন ক্ৰু মেম্বাৰ নিৰাপদে আছে।

প্ৰতিবেদন অনুসৰি দীঘলীয়া ৮ বছৰৰ পিছত এই গ্ৰেণ্ড এয়াৰ শ্ব’ৰ আয়োজন কৰা হৈছিল। ইয়াক চাবলৈ হাজাৰ হাজাৰ লোক গোট খাইছিল। এই অনুষ্ঠানৰ বাবে আয়োজকসকলে প্ৰায় দুবছৰ ধৰি প্ৰস্তুতি চলাইছিল। কিন্তু এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছত দেওবাৰৰ আগন্তুক সকলো অনুষ্ঠান বাতিল কৰা হয় । একে সময়তে আমেৰিকাৰ বায়ুসেনা আৰু নৌসেনাৰ বিষয়াসকলে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে।

WATCH: Two US Navy F/A-18 fighter jets collided mid-air while performing at an air show in Idaho.

All pilots ejected and were seen descending safely under parachutes. pic.twitter.com/nExUeTY84q

— Clash Report (@clashreport) May 17, 2026

মন কৰিবলগীয়া যে বিগত সময়ত এই মাউন্টেন হোম বিমান ঘাটিটোত বহু দুৰ্ঘটনা সংঘটিত হৈছে। দুখন EA-18G Growler জেটৰ এই ঘটনাই সেই পুৰণি স্মৃতিবোৰ ঘূৰাই আনিছে। ইয়াৰ পূৰ্বে ২০১৮ চনত ইয়াৰ ৰাণৱেত এখন হেং গ্লাইডাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল, তাত পাইলটৰ মৃত্যু হৈছিল। ইয়াৰ পূৰ্বে ২০০৩ চনত ইয়াত ‘থাণ্ডাৰবাৰ্ডছ জেট’ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। অৱশ্যে সেই ঘটনাত পাইলটজন ৰক্ষা পৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

July 24, 2026 2:08 pm
অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

July 24, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd