NORTHEAST NOW (Assamese)

নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক পট পৰিৱৰ্তন! দুগৰাকী প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীৰ বিজেপিত যোগদান

October 13, 2020 12:36 pm · এন ই নাও নিউজ

মণিপুৰত অহা মাহত হ’বলগীয়া উপ-নিৰ্বাচনৰ পূৰ্বে সোমবাৰে ৰাজ্যখনৰ দুগৰাকী প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী আৰু এগৰাকী মুখপাত্ৰই ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপিত যোগদান কৰিছে।

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেণ সিং আৰু ৰাজ্যিক সভাপতি এছ টিকেন্দ্ৰই কংগ্ৰেছৰ পৰা অহা নেতা কেইজনক দললৈ আদৰণি জনায়।

বিজেপিত যোগদান কৰা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী দুগৰাকীৰ এজন হৈছে কুম্বী বিধানসভা সমষ্টিৰ এন মাংগী আৰু আনজন হৈছে জিৰিবাম সমষ্টিৰ এ বীৰেণ সিং।

আনহাতে যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা তথা দলৰ মুখপাত্ৰ ও নৱকিশোৰেও বিজেপিত যোগদান কৰে।

যোগদান কাৰ্যসূচীৰ পিছতে মুখ্য মন্ত্ৰী বীৰেণ সিঙে কয় যে ৰাজ্য তথা দেশত বিজেপিয়ে গ্ৰহণ কৰা উন্নয়নমূলক কাম-কাজৰ প্ৰতি আকৰ্ষিত হৈয়ে বিজেপিত যোগদান কৰি আছে।

উল্লেখ্য যে, অহা ৭ নৱেম্বৰত মণিপুৰৰ পাঁচটা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনু্ঠিত হ’ব।

নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া সমষ্টি কেইটা হৈছে ইম্ফল পশ্চিম জিলাৰ ৱাংগৈ, কাংপকপি জিলাৰ চাইটু, চুৰাচন্দপুৰ জিলাৰ চিংঘাট, থৌবাল জিলাৰ লাইলং আৰু ৱাংজিং-তেন্থা।

Related News