• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

এভাৰেষ্ট জয় কৰিও ঘূৰি অহা নহ’ল ২ ভাৰতীয়ৰ : শৃংগ স্পৰ্শ কৰি নামি অহাৰ পথতেই সাৱটিলে কৰুণ মৃত্যুক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 22, 2026 3:58 pm
234
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট জয় কৰি ঘৰলৈ ঘূৰি নাহিল দুই ভাৰতীয় পৰ্বতাৰোহীৰ। শৃংগ জয় কৰি তললৈ নামি অহাৰ সময়তে দুয়োগৰাকীৰে অতি দুখজনকভাৱে মৃত্যু ঘটে। শুকুৰবাৰে নেপালৰ এজন বিষয়াৰ উদ্ধৃতি দি দেশৰ এটা সংবাদ সংস্থাই এই বেদনাদায়ক খবৰ প্ৰকাশ কৰিছে।

মৃত পৰ্বতাৰোহী দুজনৰ নাম হৈছে অৰুণ তিৱাৰী আৰু সন্দীপ আৰে। নেপালৰ এক্সপেডিচন অপাৰেটৰ্ছ এছ’চিয়েচনৰ ছেক্ৰেটেৰী জেনেৰেল ঋষি ভাণ্ডাৰীয়ে জনোৱা মতে, ওপৰৰ পৰা নামি অহাৰ সময়ত হঠাতে এজন পৰ্বতাৰোহী অত্যন্ত ভাগৰুৱা হৈ পৰিছিল। তেওঁক উদ্ধাৰ কৰিবলৈ শ্বেৰপাসকলে গোটেই নিশা প্ৰাণপণে চেষ্টা চলাইছিল। তেওঁক ব্যালকনি নামৰ অঞ্চলটোৰ পৰা চাউথ কললৈ নমাই আনিবলৈ চেষ্টা কৰা হৈছিল যদিও শেষ পৰ্যন্ত তেওঁক বচাবলৈ সম্ভৱ নহ’ল।

Apply Now

ঠিক একে সময়তে আন এগৰাকী ভাৰতীয় পৰ্বতাৰোহী অৰুণ তিৱাৰীও এভাৰেষ্ট শৃংগত উপনীত হৈছিল। বৃহস্পতিবাৰে বিয়লি প্ৰায় পাঁচ বজাত তেওঁ সৰ্বোচ্চ চূড়াত ভৰি থৈছিল। তেওঁৰ সৈতে দুজন অভিজ্ঞ শ্বেৰপা গাইডো আছিল। কিন্তু ওপৰৰ পৰা নামি অহাৰ সময়ত হিলাৰী ষ্টেপ নামৰ এলেকাটোত তেওঁ হঠাতে অসুস্থ আৰু ক্লান্ত হৈ পৰে। শ্বেৰপাসকলে বহু চেষ্টা কৰিছিল যদিও তেওঁক সুস্থ শৰীৰে ঘূৰাই আনিব নোৱাৰিলে বুলি ভাণ্ডাৰীয়ে জানিবলৈ দিয়ে। তথ্য অনুসৰি, হিলাৰী ষ্টেপৰ ওচৰতেই অৰুণ তিৱাৰীৰ মৃত্যু হয়। আনহাতে, সন্দীপ আৰেক উদ্ধাৰ কৰি কেম্প টুটৈ নমাই অনা হৈছিল যদিও তাতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

এভাৰেষ্ট অভিযানত সংঘটিত এই দুই মৃত্যুৰ ঘটনাই পৰ্বতাৰোহীসকলৰ মাজত নতুনকৈ চিন্তা আৰু উদ্বেগ বৃদ্ধি কৰিছে। অৱশ্যে ইয়াৰ মাজতে এই বছৰ ভাৰতীয় পৰ্বতাৰোহীসকলৰ সফলতাৰ বহু ভাল খবৰো পোহৰলৈ আহিছে। অলপতে মাত্ৰ ২১ বছৰ বয়সতে এভাৰেষ্ট জয় কৰিবলৈ সক্ষম হৈছে ছানিকা শ্বাহ নামৰ এগৰাকী যুৱতীয়ে। ইয়াৰ উপৰিও সীমান্ত সুৰক্ষা বাহিনী অৰ্থাৎ বিএছএফৰ সম্পূৰ্ণ মহিলাৰে গঠিত এটা পৰ্বতাৰোহী দলেও সফলতাৰে এভাৰেষ্ট শৃংগ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে।

এই বছৰৰ পৰ্বতাৰোহনৰ বতৰত এভাৰেষ্টত পৰ্বতাৰোহীৰ ভিৰে এক নতুন ৰেকৰ্ড গঢ়ি তুলিছে। কেৱল বুধবাৰৰ দিনটোতে নেপালৰ দিশৰ পৰা ২৭৪ গৰাকী পৰ্বতাৰোহীয়ে এভাৰেষ্টৰ চূড়াত ভৰি থৈছে। খুম্বু আইচফলত কিছু পলম হোৱাৰ বাবে এইবাৰৰ অভিযান অলপ দেৰিকৈ আৰম্ভ হৈছিল। যোৱা ১৩ মে’ত ৰোপ ফিক্সিং অৰ্থাৎ জৰী বান্ধি পথ তৈয়াৰ কৰাৰ কাম শেষ হোৱাৰ পিছত আনুষ্ঠানিকভাৱে এই বৰ্ষৰ ক্লাইম্বিং চিজন আৰম্ভ হৈছিল।

উল্লেখ্য যে, নেপাল চৰকাৰে এইবাৰ এভাৰেষ্ট অভিযানৰ বাবে ৪৯৩ টা পাৰমিট বা অনুমতি পত্ৰ দিছে, যিটো এতিয়ালৈকে সৰ্বাধিক। ১৯৫৩ চনত তেনজিং নৰগে আৰু চাৰ এডমণ্ড হিলাৰীয়ে প্ৰথমবাৰৰ বাবে সফলভাৱে এভাৰেষ্ট জয় কৰাৰ পিছত ইমান বৃহৎ সংখ্যক পাৰমিট কেতিয়াও দিয়া হোৱা নাছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd