NORTHEAST NOW (Assamese)

কৰ্তব্যত অৱহেলাৰ দোষত মণিপুৰৰ দুজন আৰক্ষীৰ লোকক নিলম্বন

August 18, 2018 9:27 am · এন ই নাও নিউজ
Updated: August 18, 2018 9:38 am
মণিপুৰৰ তামেংলং জিলাত বন্ধ সমৰ্থকে জ্বলাই দিয়া পিঁয়াজভৰ্তি ট্ৰাকখন

নং ৰাষ্ট্ৰীয় ঘাইপথৰ ইম্ফল-জিৰবাম পথত অগ্নি সংযোগৰ ঘটনা সন্দৰ্ভত কৰ্তব্যত অবহেলা কৰাৰ দোষত দুগৰাকী অআৰক্ষী উপ-পৰিদৰ্শকক নিলম্বন কৰিছে মণিপুৰ চৰকাৰে।

ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এটা প্ৰতিৱেদনত কোৱা হৈছে যে বৃহস্পতিবাৰে মণিপুৰ বন্ধৰ সমৰ্থক প্ৰতিবাদী একাংশই দুখন মালভৰ্তি ট্ৰাকত অগ্নি সংযোগ কৰিছিল।

প্ৰতিৱেদনটোত আৰু কোৱা হৈছে যে ২৪ ঘণ্টীয়া মণিপুৰ বন্ধৰ আহ্বান দিছিল যুটীয়াভাৱে কেইটামান ঝেলিয়াংগ্ৰং অসামৰিক সন্থাই। বন্ধ সমৰ্থকে দুখন যাত্ৰীবাহী বাহনৰো ক্ষতিসাধন কৰিছে বুলি জানিব পৰা গৈছে অৱশ্যে কোনো মানুহৰ ক্ষতিসাধন হোৱাৰ বাতৰি পোৱা হোৱা নাই।

চৰকাৰী নিৰ্দেশটোত কোৱা হৈছে যে কৰ্তব্যত অৱহেলা কৰাৰ দোষত দুয়োগৰাকী উপ পৰিদৰ্শকৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব। নিৰ্দেশটোত দুয়োগৰাকী উপ পৰিদৰ্শককে বিনানুমতিত প্ৰধান কাৰ্যালয় ত্যাগ কৰাৰ পৰা বাৰণ কৰা হৈছে।

উল্লেখ্য যে জেমী (Zemei), ৰংমী (Rongmei) আৰু লিয়াংমী (Liangmei) নাগা জনজাতিৰ আৱাসভূমি ঝেলিয়ানগ্ৰং এলেকাত এনএছচিএন-আইএম সংগঠনৰ পৰা ঝেলিয়ানগ্ৰঙৰ নেতাৰ প্ৰাণৰ সংশয় হোৱাত এলেকাটোৰ উক্ত জনগোষ্ঠীয় লোকসকলৰ সন্মীলিত সন্থা কেইটামানে এনএছচিএন-আইএমৰ সদস্যক গ্ৰেপ্তাৰৰ দাবী তুলি ১৫ আগষ্টৰ মাজৰাতিৰ পৰা ১৬ আগষ্টৰ মাজনিশালৈকে মণিপুৰ বন্ধৰ আহ্বান দিছিল।

Related News