• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিখৌত নৌ সেনাক বিব্ৰত কৰি দুৰ্ভগীয়া গাড়ীখনৰ অৱস্থান নিৰ্ধাৰণ ২টুকুৰা চুম্বকৰ!

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
September 5, 2018 5:01 pm
উদ্ধাৰ হোৱা গাড়ীখন

উদ্ধাৰ হোৱা গাড়ীখন

157
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় নে’ভিৰ চ’নাৰ (SONAR/ Sound Navigation And Ranging) প্ৰযুক্তিক বিব্ৰত কৰি দুৰ্ভগীয়া হৰেন বৰাৰ ডুব যোৱা গাড়ীখনৰ সন্ধান উলিয়াই উৎকণ্ঠিত অসমবাসীক সকাহ দিলে ডিব্ৰুগড়স্থিত ব্যৱসায়ী প্ৰতিষ্ঠানৰ দুটুকুৰা উচ্চ ক্ষমতাসম্পন্ন চুম্বকে।

যোৱা ১ ছেপ্তেম্বৰৰ সন্ধিয়া ৬ বজাৰ পৰা শিৱসাগৰ জিলাৰ ন দিছিয়ালত দিখৌ নৈত সন্ধানহীন হৈ আছিল হৰেন বৰাৰ পৰিয়ালটো।

উদ্ধাৰ অভিযানত এচ ডি আৰ এফ আৰু এন ডি আৰ এফ দল বিফল হোৱাৰ পিছত ৱিশাখাপট্টনমৰ পৰা বিমানযোগে অনা হৈছিল নৌ সেনাৰ ৮জনীয়া এদল ডুবাৰু।

দিখৌত গাড়ীখনৰ কোনো সন্ধান নোপোৱা নে’ভিৰ দলটোৱে ঘটনাথলীৰ ৩.৫ কি.মি. এলেকাৰ ভিতৰত গাড়ীখন আনকি নাই বুলিয়ে ঘোষণা কৰি দিলে।

কিন্তু অসমৰ অগ্নি নিৰ্বাপন আৰু জৰুৰী সেৱাৰ বিষয়াই দুৰ্ভগীয়া গাড়ীখন বিচাৰি উলিয়াবলৈ বিকল্প চেষ্টা অব্যাহত ৰাখিলে।

বিভাগটোৰ মাণ্ডলিক বিষয়া আৰ চি ভগতে নৰ্থ ইষ্ট নাও-ক জনাই যে মঙলবাৰে সন্ধিয়া তেওঁলোকে শক্তিশালী চুম্বক বিচাৰি অসম ডনবস্ক’ য়ুনিভাৰ্ছিটিৰ সহযোগী অধ্যাপক ড০ বিক্ৰমজিৎ কাকতীৰ সৈতে যোগাযোগ কৰে।

এন এফ ৰে’লৱে’ত অভিযন্তা হিচাপে কাম কৰাৰ অভিজ্ঞতা থকা ড০ কাকতীয়ে বিষয়াসকলক লগে লগে ডিব্ৰুগড়ৰ অসম মেগনেট কোম্পানিৰ মালিক অশোক গাড়দিয়াৰ সৈতে যোগাযোগ কৰাৰ পৰামৰ্শ দিলে।

magnet-king assam magnet co
অসম মেগনেট কোম্পানিৰ মালিক অশোক গাড়দিয়া (ক’লা চোলা পৰিহিতজন)। ফট’ নৰ্থ ইষ্ট নাও।

গাড়দিয়াই বদান্যতাৰে মঙলবাৰে সন্ধিয়াই অসম অগ্নিনিৰ্বাপন আৰু জৰুৰী সেৱাৰ হাতত তুলি দিলে দুটুকুৰা উচ্চ ক্ষমতাসম্পন্ন চুম্বক- তাৰে এটুকুৰা আয়তাকৃতিৰ আৰু আনটুকুৰা ডিম্বাকৃতিৰ। প্ৰতিটুকুৰাৰ ওজন আছিল প্ৰায় ৩ কি.গ্ৰা.।

‘আমি যিহেতু ঔদ্যোগিক কামৰ বাবে চুম্বক তৈয়াৰ কৰো, সেয়ে মই ভাবিলো এই দুটুকুৰাই অভিযানটোৰ বাবে যথেষ্ট হ’ব,’ নৰ্থ ইষ্ট নাও-ক ডিব্ৰুগড়ৰ পৰা জনালে গাড়দিয়াই।

সেই চুম্বক দুটুকুৰাৰ সহায়তে বুধবাৰে পুৱা পুনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰিলে অভিযানকাৰী দলে।

আৰু মাত্ৰ এঘণ্টাতকৈয়ো কম সময়তে দিখৌৰ ৩০ ফুট তলৰ বোকাত পোত খাই থকা অৱস্থাত সন্ধান পালে দুৰ্ভগীয়া বাহনখনৰ।

লগে লগে এচ ডি আৰ এফৰ ডুবাৰুৱে পানীৰ তলত গৈ নিশ্চিত কৰিলে ঠিকেই সন্ধান দিছে চুম্বক দুটুকুৰাই!

Recent News

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

বিহাৰ এছআইআৰ বিতৰ্ক: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ ক্ষমতাৰ ন্যায্য প্ৰয়োগ অপৰিহাৰ্য

বিহাৰ এছআইআৰ বিতৰ্ক: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ ক্ষমতাৰ ন্যায্য প্ৰয়োগ অপৰিহাৰ্য

আজিৰে পৰা ৪০০০ বিঘাতকৈও অধিক মাটি মুকলি কৰিবলৈ উচ্ছেদ অভিযান চলাব অসম চৰকাৰে

আজিৰে পৰা ৪০০০ বিঘাতকৈও অধিক মাটি মুকলি কৰিবলৈ উচ্ছেদ অভিযান চলাব অসম চৰকাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd