দেশৰ ‘বিশেষ বিবাহ আইন’খন লিংগ নিৰপেক্ষ কৰি তোলাৰ দাবী জনাইছে দুই সমকামী পুৰুষে। তেওঁলোকে এলজিবিটিকিউ+ সম্প্ৰদায়ৰ বাবে সমলিংগ বিবাহৰ অনুমতি দিবলৈ উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত এক আবেদন দাখিল কৰিছে।
দম্পতীহালে আবেদনখনত কয় যে তেওঁলোকৰো নিজৰ পছন্দৰ যিকোনো ব্যক্তিৰে বিবাহ হোৱাৰ সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ আছে। সেয়ে তেওঁলোকে বিবাহৰ দৰে পাৰিবাৰিক অনুষ্ঠানৰ বাবে ধৰ্মনিৰপেক্ষ আইন পোষকতা কৰে।
সেয়ে দম্পতীহালে বিশেষ বিবাহ আইনখনক লিংগ বা যৌন ভিত্তিক সকলোধৰণৰ বাধা আঁতৰাই লিংগ নিৰপেক্ষ কৰি তোলাৰ দাবী জনাইছে। আবেদনখনত উল্লেখ কৰা হৈছে যে আইনখনৰ ৪ নং ধাৰাত যিকোনো দুজন ব্যক্তিক বিবাহৰ অনুমতি দিয়া হৈছে যদিও পিছৰ নিয়মটোৱে ইয়াক কেৱল পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত সীমাবদ্ধ কৰি ৰাখিছে।
ধাৰা ৪(গ)ত ‘পুৰুষ’ আৰু ‘মহিলা’ শব্দৰ ব্যৱহাৰৰ লগতে আইনখনৰ অন্যান্য ধাৰাত লিংগ সম্পৰ্কীয় ভাষা যেনে ‘স্বামী/পত্নী’ আৰু ‘দৰা/কইনা’ৰ ব্যৱহাৰ, হৈছে। এইদৰে আইনখন ‘এজন পুৰুষ’ আৰু ‘এগৰাকী নাৰী’ৰ যোৰাৰ মাজতে সীমিত কৰি ৰখা হৈছে।
আবেদনখনত লগতে কোৱা হৈছে যে নিজৰ পছন্দৰ ব্যক্তিজনৰ সৈতে জীয়াই থকাৰ অধিকাৰ হৈছে ভাৰতৰ সংবিধানৰ অধীনত প্ৰতিজন ‘ব্যক্তি’ৰ বাবে নিশ্চিত কৰা এক মৌলিক অধিকাৰ।
“কিন্তু এই দেশত বিবাহৰ নামৰ অনুষ্ঠানটোক নিয়ন্ত্ৰণ কৰা এই আইনখনে বৰ্তমান এলজিবিটিকিউ+ সম্প্ৰদায়ৰ সদস্যসকলক নিজৰ পছন্দৰ ব্যক্তিজনৰ সৈতে থাকিবলৈ অনুমতি দিয়া নাই আৰু ইয়াৰ দ্বাৰা সংবিধানৰ তৃতীয় অনুচ্ছেদৰ অধীনত নিশ্চিত কৰা মৌলিক অধিকাৰ উলংঘা কৰা হৈছে, য’ত ১৪, ১৫, ১৯(১)(ক) আৰু ২১ অনুচ্ছেদ অন্তৰ্ভুক্ত হৈ আছে।”- আবেদনখনত লগতে কোৱা হয়।
উল্লেখ্য যে পাৰ্থ ফিৰোজ মেহৰোত্ৰা আৰু উদয়ৰাজ আনন্দ নামৰ সমকামী পুৰুষে বিগত ১৭ বছৰ ধৰি একেলগে আছে। তেওঁলোকে দুটাকৈ সন্তানো তুলি লৈছে।
সেয়ে তেওঁলোকে দাবী কৰিছে যে বৰ্তমান তেওঁলোকে দুটা সন্তানক একেলগে ডাঙৰ-দীঘল কৰি আছে, কিন্তু তেওঁলোকে আইনগতভাৱে নিজৰ বিবাহ সম্পন্ন কৰিব নোৱাৰাৰ ফলত নিজৰ দুটা সন্তানক অভিভাৱকত্ব লাভৰ ক্ষেত্ৰত দুয়োগৰাকীয়ে আইনী জটিলতাৰ সন্মুখীন হৈছে।
দম্পতীহালৰ মতে সমকামীসকলৰ মৰ্যাদাৰে জীয়াই থকাৰ মৌলিক অধিকাৰ আছে। আইন সকলোৰে বাবে সমান আৰু আইনে কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ সমাজত জীয়াই থকাৰ অধিকাৰো প্ৰদান কৰে।