• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 21, 2026 8:33 am
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি (দেওবাৰে) পুনৰ NEET অনুষ্ঠিত হ’ব। কিন্তু তাৰ আগতে অব্যাহত আত্মহত্যাৰ ঘটনা। এইবাৰ উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ পৰা উদ্ধাৰ হৈছে এগৰাকী NEET পৰীক্ষাৰ্থীৰ মৃতদেহ। পৰীক্ষাৰ মাত্ৰ দুদিন পূৰ্বে তেওঁৰ মৃতদেহ উদ্ধাৰ হয়। ইন্দোৰৰ পৰা আন এগৰাকী যুৱতীৰো মৃতদেহ উদ্ধাৰ কৰা হৈছে। তেওঁৱো পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ প্ৰস্তুতি চলাইছিল।

৩ মে’ত অনুষ্ঠিত হোৱা মেডিকেল প্ৰৱেশ পৰীক্ষা প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বাতিল কৰা হৈছিল। ইয়াৰ বাবেই ঘোষণা কৰা হ’ল যে নতুনকৈ ৰাষ্ট্ৰীয় যোগ্যতা-ও-প্ৰৱেশ পৰীক্ষা (NEET) অনুষ্ঠিত হ’ব। পৰীক্ষা বাতিল হোৱাৰ পিছত বহু পৰীক্ষাৰ্থীয়ে আত্মহত্যা কৰিছে।

Apply Now

বুধবাৰে তামিলনাডুৰ কইম্বাটুৰৰ পৰা NEET পৰীক্ষাৰ্থীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ইয়াৰ আগদিনা উত্তৰাখণ্ডৰ ডেৰাডুনত উদ্ধাৰ হৈছিল এগৰাকী প্ৰতিভাৱান ছাত্ৰৰ চিপ লোৱা অৱস্থাত মৃতদেহ। ৰিয়া কুমাৰী থাপা নামৰ সেই যুৱতীগৰাকীও Re-NEET ৰ বাবে অৱতীৰ্ণ হোৱাৰ কথা আছিল।

আৰু এই পৰীক্ষাৰ মাত্ৰ দুদিন পূৰ্বে গাজিয়াবাদত আন এগৰাকী পৰীক্ষাৰ্থীয়ে আত্মহত্যা কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। শনিবাৰে আৰক্ষীয়ে জনোৱা মতে, যতীন কুমাৰ (২২) নামৰ ছাত্ৰগৰাকীৰ মৃতদেহ তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয়। তেওঁ বিজয়নগৰ থানাৰ অন্তৰ্গত প্ৰতাপ বিহাৰৰ এটা বাসগৃহৰ এইচ ব্লকত বাস কৰিছিল।

ইয়াৰ আগতেও তেওঁ কেইবাবাৰো পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তেওঁ সফল হোৱা নাছিল যদিও এইবাৰ পুনৰ পৰীক্ষাৰ বাবে যতীনে প্ৰস্তুতি চলাইছিল। অঞ্চলটোৰ এচিপি উপাসনা পাণ্ডেই কয় যে পৰীক্ষাৰ্থীগৰাকীয়ে আত্মহত্যা কৰাৰ পূৰ্বে মোবাইলত এটা ভিডিঅ’ ৰেকৰ্ডিং কৰিছিল। তাতে পৰীক্ষাৰ্থীগৰাকীয়ে NEET উত্তীৰ্ণ হ’ব নোৱাৰাৰ পিছত হতাশ হোৱা বুলি জনায়। তেওঁৰ পৰিয়ালৰ লোকে কয় যে যতীনে হতাশ হৈও দেওবাৰৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল।

আনহাতে, মধ্যপ্ৰদেশৰ ইন্দোৰত NEETৰ আন এগৰাকী পৰীক্ষাৰ্থীয়ে আত্মহত্যা কৰে। এটা ওখ অট্টালিকাৰ পৰা জপিয়াই আত্মহত্যা কৰে অৱন্তিকা মৌৰ্য (২১) নামৰ পৰীক্ষাৰ্থীগৰাকীয়ে। আৰক্ষীৰ সূত্ৰ অনুসৰি যোৱা কেইমাহমানৰ পৰা তেওঁ মানসিক বিকাৰগ্ৰস্ত হৈ আছিল। NEET-UG বাতিল হোৱাৰ পিছত তেওঁৰ হতাশা বাঢ়িল। ইয়াৰ বাবেই শুকুৰবাৰে নিশা অৱন্তিকাই চৰম সিদ্ধান্ত গ্ৰহণ কৰে। পৰিয়ালৰ লোকেও কয় যে অৱন্তিকা ডাক্তৰ হ’ব বিচাৰিছিল। যোৱা তিনি বছৰত NEET ক্লিয়াৰ কৰিব নোৱাৰাৰ বাবে হতাশ হৈ পৰিছিল। ধৰ জিলাৰ যুৱতীগৰাকীয়ে ইন্দোৰত ভাড়াঘৰ লৈ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল।

ইফালে, দেওবাৰে দেশৰ ৫৫১খন চহৰৰ ৫৪৪০টা কেন্দ্ৰত পুনৰ NEET অনুষ্ঠিত হ’ব। এইবাৰ যাতে প্ৰশ্নকাকত ফাদিল বা আনুষংগিক কোনো ঘটনা নহয় তাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিব বুলি কৰ্তৃপক্ষই জনাইছে।

আনহাতে, পৰীক্ষা বাতিল আৰু প্ৰায় এশজনৰ আত্মহত্যাৰ বাবে দায়ী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত শনিবাৰে কংগ্ৰেছ আৰু ককৰোচ জনতা পাৰ্টিয়েও প্ৰতিবাদ সাব্যস্ত কৰে। তথ্য অনুসৰি বিগত ৩৭ দিনত ১২ গৰাকী নিট পৰীক্ষাৰ্থীয়ে আত্মহত্যা কৰাৰ ঘটনা ঘটিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am
কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

June 21, 2026 8:33 am
কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

June 21, 2026 7:42 am
আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

June 21, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am
কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

June 21, 2026 8:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd