ধুবুৰী জিলাৰ আগমনীত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত দুগৰাকী লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পৰিছে।
মালবাহী ট্ৰাক আৰু দুচকীয়া বাহনৰ মাজত সংঘটিত হোৱা সংঘৰ্ষৰ ফলতে এই শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে।
পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ব্যক্তি দুগৰাকী আব্দুল আজিজ আৰু আৰিফ আলী বুলি চিনাক্ত কৰা হয়।
দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত আগমনী আৰক্ষী চকীৰ আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি ধুবুৰী অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
আনহাতে, আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা এ এছ-১৮-৯৩৭৬ নম্বৰৰ মালবাহী ট্ৰাকখনো জব্দ কৰে।
দুৰ্ঘটনা সংঘটিত কৰিয়ে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনে পলায়ন কৰে।
দুৰ্ঘটনাৰ পাছত দুৰ্ঘটনাস্থলীত স্থানীয় ৰাইজৰ মাজত তীব্ৰ উত্তেজনাই বিৰাজ কৰে। উত্তেজিত ৰাইজে আৰক্ষীক দ্ৰুতবেগী ট্ৰাক সমূহক নিয়ন্ত্ৰণ কৰাৰ বাবে দাবী জনায়।