NORTHEAST NOW (Assamese)

কলিয়াবৰত ভয়াৱহ পথ দুৰ্ঘটনা; মহিলাসহ দুজনৰ মৃত্যু, গুৰুতৰভাৱে আহত ৫ জন

May 24, 2022 10:25 am · ৰিদীপ শৰ্মা, কলিয়াবৰ
Updated: May 24, 2022 1:15 pm
ফটো: নৰ্থইষ্ট নাও।

কলিয়াবৰৰ হাতীবন্ধাত ভয়াৱহ পথ দুৰ্ঘটনাত দুজনৰ মৃত্যু হোৱাৰ লগতে এটি শিশু সহ আন ৫ জন গুৰুতৰভাবে আহত হয়। নিহতৰ ভিতৰত এগৰাকী মহিলা আছে।

এখন মালবাহী মেজিকৰ সৈতে যাত্ৰীবাহী টেম্প’ৰ মুখামুখি সংঘৰ্ষৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়। টেম্প’খন তেজপুৰ পাঁচমাইলৰ পৰা জুৰীয়ালৈ আহি আছিল।

দুৰ্ঘটনাত নিহত লোক দুজনক চিনাক্ত কৰা হৈছে। তেওঁলোক হ’ল তেজপুৰ পাঁচমাইলৰ মাছুদা ৰহমতুল্লা কবিৰ(৩০) আৰু তেজপুৰ ২নং উৰিয়াম গুৰিৰ আছিকুল হক(১৭)।

আহত ৫ জনকে চুলুং আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰায়। ইয়াৰে কেইবাজনৰো আঘাত গুৰুতৰ বুলি চিকিৎসকে জানিবলৈ দিয়ে।

ফটো: নৰ্থইষ্ট নাও।

আহত সকলৰ ভিতৰত পৰিচয় লাভ কৰা সকলৰ মহিবুৰ ৰহমান (১৬) আৰিফুল ৰহমান, মচিনুৰ ৰহমান(৮), তিনিওৰে ঘৰ পাঁচমাইলত। আনোৱাৰা বেগম(৬০)ৰ ঘৰ জুৰীয়াত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

গুৰুতৰভাৱে আহত লোকসকলক চিকিৎসকে উন্নত চিকিৎসাৰ বাবে জখলাবন্ধাৰ পৰা তেজপুৰ মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে।

Related News