• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইণ্ডিয়ান ৰাইনো ভিশ্যন আঁচনিৰে কাজিৰঙাৰ পৰা মানাহলৈ স্থানান্তৰিত হ’ব গঁড়

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , February 13, 2020 8:11 pm

2 min read

Rhino.

প্ৰতিনিধিত্বমূলক চিত্ৰ

1.5k
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ বনবিভাগে ২০০৫ বৰ্ষতে আৰম্ভ কৰা ইণ্ডিয়ান ৰাইনো ভিশ্যন ২০২০ অভিলাষী আঁচনিৰ জৰিয়তে ব্ৰহ্মপুত্ৰ উপত্যকাৰ গঁড়ৰ আৱাস ভূমিত ভাৰতীয় গঁড়ৰ সংখ্যা ৩০০০ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছিল।

ব্ৰহ্মপুত্ৰ উপত্যকাত গঁড়ৰ কেতবোৰ আৱাস আৰু গঁড়ৰ সংখ্যা সুৰক্ষিত কৰাও আছিল এই আঁচনিৰ আন এক উদ্দেশ্য।

এই উদ্দেশ্যৰে ইণ্ডিয়ান ৰাইনো ভিশ্যন ২০২০ ৰ অধীনত অহা ২২ ফেব্ৰুৱাৰিত কাজিৰঙাৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ দুটা গঁড় স্থানান্তৰণৰ পৰিকল্পনা কৰিছে বন বিভাগে।

ৱাইল্ড টু ৱাইল্ড ব্যৱস্থাপনাৰে এই দুটা গঁড় কাজিৰঙাৰ পৰা মানাহলৈ নিয়া হ’ব বুলি জানিব পৰা গৈছে ৷ এই উদ্দেশ্যৰে অহা ২১ ফেব্ৰুৱাৰিত কাজিৰঙালৈ আহিব বিশেষজ্ঞৰ এটা দল।

এই দলটোৱে কাজিৰঙাত গঁড় কৰায়ত্ব কৰাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰি সেউজ সংকেত দিলে ২২ ফেব্ৰুৱাৰিত চেতনা নাশক প্ৰয়োগ কৰি দুটা গঁড় কৰায়ত্ব কৰি মানাহলৈ নিয়াৰ পৰিকল্পনা কৰিছে বন বিভাগে।

এই সমগ্ৰ পৰিকল্পনাত বিশ্ব প্ৰকৃতি নিধি , আৰণ্যক আৰু ইন্টাৰনেচনেল ৰাইনো ফাউণ্ডেচনে অসমৰ বন বিভাগক সহায় কৰিব।

উল্লেখ্য যে আই আৰ ভি ২০২০ আঁচনিৰ বাবে কেন্দ্রীয় বন মন্ত্র্যালয়ৰ পৰা মুঠ ২০ টা গঁড় মানাহ ৰাষ্ট্রীয় উদ্যানলৈ স্থানান্তৰ কৰাৰ অনুমতি লাভ কৰিছিল। ইতিমধ্যে বিগত সময়ছোৱাত ১৮ টা গঁড় কাজিৰঙা আৰু পবিতৰাৰ পৰা মানহলৈ স্থানান্তৰ কৰা হৈছে।

ইয়াৰে ১০ টা গঁড় পবিতৰা বন্যপ্রাণী অভয়াৰণ্য আৰু ৮ টা গঁড় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আৰু কাজিৰঙাৰ পাণবাৰীত থকা বন্য প্রাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পৰা ১৭ টা মুঠ ৩৫ টা গঁড় মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰ কৰা হৈছিল।

শেষতীয়াকৈ ২০১২ চনত কাজিৰঙাৰ পৰা দুটা গঁড় মানাহলৈ নিয়াৰ পাছত সম্প্ৰতি পুনৰ দুটা গঁড় মানাহ নিয়াৰ পৰিকল্পনা কৰিছে বন বিভাগে।

মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান গঁড়ৰ সংখ্যা বৃদ্ধি হৈ ৪১ টা হৈছেগৈ। বিগত সময়ছোৱাত মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড়ে ২৫ টা পােৱালীৰ জন্ম দিছে।

ইয়াৰ পাছত সকলো ঠিকে থাকিলে ২২ কাজিৰঙাৰ বাগৰিৰ পৰা আৰু দুটা গঁড় মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়া হ’ব।

২০২০ বৰ্ষত ব্ৰহ্মপুত্ৰ উপত্যকাত গঁড়ৰ সংখ্যা ৩০০০ কৰাৰ লগতে কাজিৰঙাৰ উপৰি গঁড়ৰ বাবে আৰু কেতবোৰ সুৰক্ষিত আৱাসৰ লগতে এক সুস্থ জনসংখ্যা গঢ়ি তোলাই হ’ল বন বিভাগৰ প্ৰধান লক্ষ্য।

Recent News

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd