NORTHEAST NOW (Assamese)

শিৱসাগৰত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত দুগৰাকী ছাত্ৰৰ কৰুণ মৃত্যু

September 24, 2020 8:24 pm · পাৰ্শ্বজোতি গগৈ

শিৱসাগৰত বৃহস্পতিবাৰে পুনৰ এক শোকাবহ পথ দূৰ্ঘটনা সংঘটিত হয়। এখন তীব্ৰ বেগী টাটা মেজিকৰ খুন্দাত প্ৰাণ হেৰুৱাবলগীয়া হয় দুগৰাকী ছাত্ৰই।

শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আখৈফুটীয়া চাৰিআলিৰ সমীপৰ এছাৰ পেট্ৰল পাম্পৰ সন্মুখত শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে টাটা মেজিকখনে ।

পথ দুৰ্ঘটনাটোত নিহত ছাত্ৰদ্বয় চৰগুৱাৰ তন্ময় দাস আৰু শুকানপুখুৰীৰ মাধৱজ্যোতি চেতিয়া বুলি চিনাক্ত কৰা হয়।

দুৰ্ভাগ্যজনক ভাবে কিছুদিন পূৰ্বে তন্ময় দাসৰ পিতৃয়েও দুৰ্ঘটনাতে প্ৰাণ হেৰুৱাইছিল আৰু আজি তন্ময় দাসৰ ঘৰত প্ৰস্তুতি চলিছিল ভগ্নীৰ জন্মদিন উদযাপন অনুষ্ঠানৰ ।

জানিব পৰা মতে, ভগ্নীৰ জন্মদিনৰ কেক নিবলৈ আহিছিল তন্ময় আৰু বন্ধু মাধৱজ্যোতি ।

তন্ময় দাসে দশম শ্ৰেণীত অধ্যয়ন কৰি থকাৰ বিপৰীতে  মাধৱজ্যোতি চেতিয়াই একাদশ শ্ৰেণীত অধ্যয়ন কৰি আছিল ।

দুয়ো আখৈফুটীয়াৰ দিশৰ পৰা ঘাইপথহৈ ডিব্ৰুগড়ৰ দিশে যোৱাৰ সময়তেই সংঘটিত হয় এই ভয়ংকৰ আৰু শোকাবহ দূৰ্ঘটনাটো ।

উল্লেখ যোগ্য যে, পূৰ্বেও একেটা স্থানতে সংঘটিত হৈছে কেইবাটাও পথ দূৰ্ঘটনা, য’ত প্ৰাণ হেৰুৱাইছিল কেইবাজনো লোকে।

Related News