নগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক কাৰ্যালয়ৰ অধীনস্থ ৰামপুৰ ছলাপথাৰ ছাহেদ আলী হাইস্কুলত পুনৰ আজি সংঘটিত হোৱা এক লজ্জাজনক ঘটনাই সমগ্ৰ নগাঁও জিলাতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত তথ্য মতে বিদ্যালয়ৰ আৰম্ভণিৰ প্ৰাৰ্থনাৰ অন্তত বিদ্যালয়ৰ সহকাৰী শিক্ষক খলিলুৰ ৰহমানে শিক্ষকৰ জিৰণি কোঠাত হাজিৰা বহীত চহী কৰিবলৈ যাওঁতে সহকাৰী শিক্ষক আবু তালেব ছিদ্দিকৰ লগত কোনো কথাত প্ৰথমে কথাৰ কটা-কটি হয়।
আৰু পিছলৈ আবু তালেব ছিদ্দিকে শিক্ষকৰ জিৰণি কোঠাত হিন্দী চিনেমাৰ ভিলেইনৰ দৰে ছিদ্দিকে খলিলুৰক মাৰপিট কৰে।
আনহাতে নিজৰ বিদ্যালয়ৰ দুই শিক্ষকক এনেদৰে মাৰপিট কৰা ঘটনা দেখি চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজ বিদ্যালয়ত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
মন কৰিব লগীয়া যে ক্ষমতাৰ লোভত মাতাল হৈ চৰম দাম্ভিকতাৰে শিক্ষকক যধে-মধে গালি গালাজ পাৰি মইমতালি প্ৰদৰ্শন কৰা সহকাৰী শিক্ষক আবুক লাগে সহকাৰী প্ৰধান শিক্ষকৰ পদটি।
ক্ষমতাৰ লোভত প্ৰায়েই তাণ্ডৱ সৃষ্টি কৰি বিদ্যালয়ত হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰা এইজন শিক্ষকৰ বিৰুদ্ধে বহু কেইটা গুৰুতৰ অভিযোগ আছে। ইফালে আজি এনেদৰে দুই শিক্ষকে কৰা হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰাত ছাত্ৰ-ছাত্ৰী সকলে শ্ৰেণী কোঠা বৰ্জন কৰিবলৈ বাধ্য হয়।
উল্লেখযোগ্য যে বিগত এটা বছৰৰ ভিতৰতে এই বিদ্যালয়খনত শিক্ষকৰ দ্বাৰা সংঘটিত হৈ আহিছে ইটোৰ পিছত সিটোকৈ বিতৰ্কিত কাৰ্যকলাপ। কোনোবাই যদি ছাত্ৰক তালিবানী শাস্তি দিছে, আন কোনোবাই আকৌ অফিচ ৰোমত বহি ভৰি ওপৰত ভৰি তুলি বিড়ি সেৱন কৰিছে।
ফলত এনে ধৰণৰ লজ্জাজনক ঘটনাক লৈ স্থানীয় সচেতন মহল চিন্তিত হৈ পৰিছে। লগতে এনে ঘটনাৰ এক উচ্চ পৰ্যায়ক তদন্ত কৰি শাস্তি দিবৰ বাবে শিক্ষা মন্ত্ৰীক আহ্বান জনাইছে স্থানীয় কেইবাটাও দল-সংগঠনে।
ইফালে ঘটনা সন্দৰ্ভত সহকাৰী শিক্ষক খলিলুৰ ৰহমানে আবু তালেব ছিদ্দিকৰ বিৰুদ্ধে বটদ্ৰৱা থানাত এক এজাহাৰ দাখিল কৰিছে।